Voice of Eastern India

অৰুণোদয় নোপোৱা যোগ্য লোকসকলৰ বাবে আহি গ’ল ভাল খবৰ


অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । লগতে বঞ্চিত যোগ্য লোকসকলৰ বাবেও আহি গ’ল ভাল খবৰ ।

ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মঙলবাৰে বিধানসভাৰ মজিয়াত বিত্ত মন্ত্ৰীগৰাকীয়ে ৩ আগষ্টৰ পৰা ৰাজ্যৰ ৪০ লাখ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি উল্লেখ কৰে ।

৩ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক সম্বোধন কৰিব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে । লগতে প্ৰতিটো পঞ্চায়ততে একোখনকৈ সভা অনুষ্ঠিত হ’ব লগতে ইয়াৰ পিছতে প্ৰত্যেক মাহতে পূৰ্বৰ দৰে হিতাধিকাৰীসকলৰ একাউন্টত এই আঁচনিৰ ধন সোমাব বুলি মন্তব্য কৰে তেওঁ ।

বঞ্চিত যোগ্যসকলৰ বাবে ভাল খবৰ-

অৰুণোদয় নোপোৱা যোগ্য লোকসকলৰ বাবেও ভাল খবৰ । এই আঁচনিৰ পৰা বঞ্চিত যোগ্য হিতাধিকাৰীসকলেও এতিয়াৰে পৰা সহজতে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম ।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা অনুসৰি এইবাৰ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে অৰুণোদয় সহায়ক বা অৰণোদয় সাৰথি নিযুক্তি দিয়া হ’ব । যদি কোনো যোগ্য ব্যক্তি এই বঞ্চিত হৈছে তেন্তে অৰুণোদয় সাৰথিক অভিযোগ দি এই আঁচনিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব পাৰিব । লগতে অৰুণোদয় সম্পৰ্কীয় যিকোনো অভিযোগ অৰুণোদয় সাৰথিক হিতাধিকাৰীসকলে দিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।  

লগতে অৰুণোদয় আঁচনিক লৈ হ’বলগা পুনৰীক্ষণত বহু অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ’ব বুলিও উল্লেখ কৰে তেওঁ ।

লগতে পঢ়ক : উজনিৰ বানপীড়িত বাবে ডাঙৰ পদক্ষেপ, ১২৬ গৰাকী বিধায়কে আগবঢ়াব এমাহৰ দৰমহা

Source link



Source link

Leave A Reply

Your email address will not be published.