এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ! গুৱাহাটীত ডুৰাণ্ড কাপৰ শুভ উদ্বোধন
গুৱাহাটীৰ আকাশত হেলিকপ্টাৰৰ ফ্লাইপাষ্ট, কম্বেট ফ্ৰী-ফলৰ ৰোমাঞ্চ আৰু ষ্টেডিয়ামজুৰি হাজাৰ হাজাৰ ফুটবলপ্ৰেমীৰ উছাহ! সৰুসজাই ষ্টেডিয়ামত এনে জাকজমকতাপূৰ্ণ পৰিৱেশৰ মাজতেই আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ইণ্ডিয়ান অয়ল ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণ।
ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা উদ্বোধনী সমাৰোহত উপস্থিত থাকে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিত দৈমাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ইণ্ডিয়ান অয়ল কৰ্পোৰেশ্যনৰ অধ্যক্ষ অৰবিন্দৰ সিং সাহনীকে ধৰি বহু সামৰিক আৰু অসামৰিক বিশিষ্ট ব্যক্তি।
সমাৰোহত অসমৰ সংস্কৃতি আৰু ভাৰতীয় সেনাৰ গৌৰৱময় পৰম্পৰাৰ এক অনন্য সংমিশ্ৰণ দেখা যায়। হট এয়াৰ বেলুন, এৰোমডেলিং, হেলিকপ্টাৰ ফ্লাইপাষ্ট, সামৰিক কুকুৰৰ শ্ব’, জ্যাজ বেণ্ড, পাইপ বেণ্ড আৰু অসম ৰেজিমেণ্টৰ বিখ্যাত গীত “বদলুৰাম কা বদন”-এ দৰ্শকক আপ্লুত কৰি তোলে।
ইফালে বাগুৰুম্বা, বৰদৈ শিখলা আৰু ভোৰতাল নৃত্যৰ মোহনীয় পৰিৱেশনে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক দেশ-বিদেশৰ আগত পুনৰ এবাৰ উজলাই তোলে।
উদ্বোধনী অনুষ্ঠানৰ পিছতেই নৰ্থইষ্ট ইউনাইটেড এফ চি আৰু বড়োলেণ্ড এফ চিৰ মাজত গ্ৰুপ ‘এফ’ৰ প্ৰথমখন মেচ অনুষ্ঠিত হয়। এই মেচৰ জৰিয়তেই গুৱাহাটীত আনুষ্ঠানিকভাৱে আৰম্ভ হয় এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ অভিযান।
আয়োজকসকলৰ মতে, ডুৰাণ্ড কাপ কেৱল এক ফুটবল টুৰ্ণামেণ্ট নহয়, ই ক্ৰীড়া উৎকৃষ্টতা, ৰাষ্ট্ৰীয় একতা আৰু যুৱপ্ৰজন্মক ক্ৰীড়াৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী মঞ্চ। ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ এই যৌথ প্ৰচেষ্টাই অসমক দেশৰ অন্যতম আগশাৰীৰ ক্ৰীড়া গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যকো অধিক শক্তিশালী কৰি তুলিছে।
লগতে পঢ়ক : ৰাজ্যৰ ক্ৰিকেটত নতুন অধ্যায়ৰ সূচনা; কাইলৈৰ পৰা আৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগ
