Voice of Eastern India

কনটেন্ট ক্ৰিয়েটৰ সকললৈ অসম আৰক্ষীৰ ৫টা জৰুৰী নিৰ্দেশনা


সামাজিক মাধ্যমত বানৰ ছবি-ভিডিঅ’ আপলোডৰ আগতে এই কথা জানক । অসম আৰক্ষীৰ ৫টা জৰুৰী নিৰ্দেশনা-

বানপানীৰ দৃশ্য সামাজিক মাধ্যমত আপলোড কৰাৰ আগতে অলপ ৰৈ ভাবক। আপোনাৰ এখন ফটো বা এটা ভিডিঅ’ অজানিতে কোনো নিষ্পাপ শিশুৰ জীৱন আৰু গোপনীয়তাত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এই বাবেই অসম আৰক্ষীয়ে এতিয়া জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ।

ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে বানপীড়িত শিশুসকলৰ নিৰাপত্তা, গোপনীয়তা আৰু মৰ্যাদা সুৰক্ষিত ৰখাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে সামাজিক মাধ্যমৰ ‘কনটেণ্ট ক্ৰিয়েটৰ’ আৰু সাধাৰণ নাগৰিকলৈ বিশেষ পৰামৰ্শ প্ৰকাশ কৰিছে। বানাক্ৰান্ত অঞ্চলৰ ফটো বা ভিডিঅ’ সংগ্ৰহ আৰু শ্বেয়াৰ কৰাৰ সময়ত শিশুসকলৰ অধিকাৰ যাতে কোনোপধ্যেই ভংগ নহয়, সেয়াই এই পৰামৰ্শৰ মূল উদ্দেশ্য।

অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ—

শিশুৰ মুখ ব্লাৰ কৰক: ফটো বা ভিডিঅ’ আপলোড কৰাৰ আগতে শিশুসকলৰ মুখমণ্ডল ব্লাৰ কৰাটো নিশ্চিত কৰক।

ব্যক্তিগত তথ্য প্ৰকাশ নকৰিব: নাম, ঠিকনা, বিদ্যালয়ৰ নাম বা সঠিক অৱস্থান কেতিয়াও সামাজিক মাধ্যমত প্ৰকাশ নকৰিব।

সাক্ষাৎকাৰৰ নামত মানসিক চাপ নিদিব: ‘কনটেণ্ট’ বনোৱাৰ বাবে শিশুক সাক্ষাৎকাৰ দিবলৈ বাধ্য নকৰিব বা তেওঁলোকক দুখজনক অভিজ্ঞতা পুনৰ ক’বলৈ নক’ব।

অস্বস্তিকৰ দৃশ্য প্ৰচাৰ নকৰিব: শিশুক মানসিকভাৱে আঘাত কৰিব পৰা বা বিপদত পেলাব পৰা কোনো দৃশ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব।

ক্ষতিকাৰক কনটেণ্ট ফৰৱাৰ্ড নকৰিব: এনে সংবেদনহীন বা ক্ষতিকাৰক কনটেণ্ট আনলৈ পঠিওৱাৰ সলনি তৎক্ষণাত ৰিপ’ৰ্ট কৰক।

অসম আৰক্ষীয়ে #ForEveryChild অভিযানৰ অধীনত এই পৰামৰ্শ প্ৰকাশ কৰি সকলোকে দায়িত্বশীলভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। বানৰ দৰে কঠিন সময়ত এটা সৰু সজাগতাই এজন শিশুৰ সুৰক্ষা আৰু মৰ্যাদা অটুট ৰাখিব পাৰে।

লগতে পঢ়ক : অসমত অবৈধ খননৰ অভিযোগ খাৰিজ! মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

Source link



Source link

Leave A Reply

Your email address will not be published.