Voice of Eastern India

AGMK and other bodies organised flood relief drive in Sivasagar district


All Guwahati Mising Kebang AGMK All Guwahati Mising Mohila Samiti All Guwahati Mising Senior Citizen All Guwahati Mising Ago Gulung Kebang jointly organised Flood relief camp 2026 in Santak and Bali Gaon under Sivasagar district

শিৱসাগৰ জিলাৰ বন্যাৰ্তৰ কাষত গুৱাহাটীৰ মিচিং ৰাইজ

ABKK Kamarupa, Sivasagar, 6th August 2026: উজনি অসমত বান সাহায্যৰ বাবে সদৌ গুৱাহাটী মিচিং কৗবাং,গুৱাহাটী মিচিং জ্যেষ্ঠ নাগৰিক সন্হা, গুৱাহাটী মিচিং মহিলা সমিতি, গুৱাহাটী মৰিশালি পৰিচালনা সমিতিকে আদি কৰি গুৱাহাটীৰ বিভিন্ন স্থানীয় দল-সংগঠন আৰু গুৱাহাটীবাসী মিচিং ৰাইজৰ সহায় সহযোগিতাৰে বানপানীয়ে বিধ্বস্ত কৰা শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰসমীপৰৱৰ্তী চন্টক বৰ মিচিং গাঁও আৰু বালি গাঁৱত এক বানসাহাৰ্য শিবিৰ সফলতাৰে সমাপন কৰা দেখা গ’ল। সদৌ গুৱাহাটী জ্যেষ্ঠ মিচিং সন্থাৰ সভাপতি অৱনী কুমাৰ মিলিয়ে মত প্ৰকাশ কৰিছে যে,”যিসকলে
বান সাহায্য পুঁজি গঠনকে ধৰি যথেষ্ট পৰিমাণৰ খাদ্য,বস্ত্ৰ,বাচন-বৰ্তন আদি সকলো আৱশ্যকীয় যোগান ধৰি দুৰ্গত মানুহৰ কাষলৈ গৈ ৰাইজৰ
মাজত বান-সাহায্য সামগ্ৰী বিতৰণ সুকলমে কৰি আহিলে আপোনালোক সকলোলৈকে মই গুৱাহাটী জ্যেষ্ঠ মিচিং নাগৰিক সন্হাৰ হৈ পুনৰবাৰ সশ্ৰদ্ধ
প্ৰণাম জনাই ধন্যবাদ জনালোঁ৷ ঈশ্বৰে আপোনালোক সকলোককে কুশলে ৰাখক তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ”।
উল্লেখযোগ্য যে, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সভাপতি উকেন পেগু, সাধাৰণ সম্পাদক গণেশ পেগু, কাৰ্যকৰী সম্পাদক চন্দ্ৰ পেগু, সদৌ গুৱাহাটী মিচিং মহিলা সমিতিৰ সভানেত্ৰী বিজয়া পায়েং টায়ে, সদৌ গুৱাহাটী মিচিং আগগুলুং কেবাঙৰ সভাপতি দেৱেন পেগু ইত্যাদিৰ তত্বাৱধানত গুৱাহাটীৰ পৰা যোৱা এক সজাতি দলে শাওণমহীয়া বানৰ ধ্বংসলীলাত ঘৰ-বাৰী, সা-সম্পত্তি, পশুধন হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিয়ালৰ মাজত বানসাহাৰ্য সমবিতৰণ কৰা লক্ষ্য কৰা গ’ল। উক্ত বানসাহাৰ্য সমবিতৰণ শিবিৰত সদৌ গুৱাহাটী মিচিং আগগুলুং কেবাঙৰ সভাপতি দেৱেন পেগু, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সাধাৰণ সম্পাদক তথা অধিবক্তা গণেশ পেগু, সদৌ গুৱাহাটী মিচিং মহিলা সমিতিৰ সভানেত্ৰী বিজয়া পায়েং টায়ে, জ্যোতিমণি দীপিকা দলে, জ্যোতি প্ৰভা পেগু, সদৌ গুৱাহাটী মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ দূৰ্গা দলে, বিষ্ণু কুমাৰ পেগু, যুৱ সমাজকৰ্মী ড° পজুল লয়িং, হেমন্ত পেগু, অভিনেত্ৰী সুমন দলে, অভিনেতা বাবা পেগু, কণ্ঠশিল্পী ৰিয়ান ৰাজ পেগু, মিৰ’মিগম পেগু, চলচ্চিত্ৰ নিৰ্মাতা ভৱানী দলে টাহু ইত্যাদিৰ উপস্থিতিত বানপীড়িত ৰাইজৰ বাবে অতীব প্ৰয়োজনীয় খাদ্য সামগ্ৰী, বাচন-বৰ্তন, বিশুদ্ধ খোৱা পানী, ব্লিচিং পাউদাৰ ইত্যাদি বিতৰণ কৰে বুলি জানিব পৰা গৈছে।



Source link

Leave A Reply

Your email address will not be published.