অসম ডাউন টাউনৰ ছাত্ৰ-ছাত্ৰীৰ ষ্টাৰ্টআপ ভাৰ্নোভেটৰ ডাঙৰ সাফল্য
হাজাৰ হাজাৰ আবেদনকাৰীৰ মাজত প্ৰতিযোগিতা কৰি ২৬ নম্বৰ স্থান! তাৰ পিছতে আহিল ৮ লাখ টকাৰ অনুদান। অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীৰ ষ্টাৰ্টআপ ‘ভাৰ্নোভেট’ৰ এই সাফল্যই এতিয়া কঢ়িয়াই আনিছে নতুন আশাৰ খবৰ।
অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ টেকন’লজী বিজনেছ ইনকিউবেটৰ ‘ডাউন টাউন ভেঞ্চাৰ লেবছ’ (dtVL)-ৰ দ্বাৰা ইনকিউবেট কৰা Vernovate Pvt Ltd-এ লাভ কৰিছে এই বিশেষ অনুদান।
অৰুণাচল প্ৰদেশ ইন’ভেচন এণ্ড ইনভেষ্টমেণ্ট পাৰ্ক (APIIP)-ৰ উদ্যোগত অনুষ্ঠিত APEDP 5.0-ৰ অধীনত ষ্টাৰ্টআপটোৱে লাভ কৰে ৮ লাখ টকাৰ এই অনুদান।

লুংছম লামনিঅ’, আদিত্য সিং, আশুতোষ প্ৰতাপ সিং, দেবজ্যোতি পাল আৰু অমিত শৰ্মাই প্ৰতিষ্ঠা কৰা ‘ভাৰ্নোভেট’-এ ইয়াৰ পূৰ্বেও লাভ কৰিছিল DST-NIDHI-iTBI Ignition Grantৰ ৫ লাখ টকাৰ অনুদান।
অৰ্থাৎ, এটা সাফল্যৰ পিছত আন এটা সাফল্য। উদ্ভাৱন আৰু উদ্যোগী চিন্তাৰে আগবাঢ়ি যোৱা এই যুৱ দলটোৰ বাবে APEDP 5.0ৰ ৮ লাখ টকাৰ অনুদান এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
এই সাফল্যই অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ ইনকিউবেচন, মেণ্টৰশ্বিপ আৰু পুঁজিৰ সহায়ত নতুন প্ৰজন্মৰ উদ্যোগীসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টাকো পুনৰ উজলাই তুলিছে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ‘ভাৰ্নোভেট’ৰ সমগ্ৰ টিম, মেণ্টৰসকল আৰু ডাউন টাউন ভেঞ্চাৰ লেবছ ফাউণ্ডেচনৰ ইনকিউবেচন টিমক এই সাফল্যৰ বাবে অভিনন্দন জনাইছে।
লগতে পঢ়ক : আৰম্ভ হ’ল আই আই এম গুৱাহাটীৰ যাত্ৰা
