মেঘালয়ত আৱদ্ধ হৈ থকা ২৪৬ গৰাকী লোকৰ ভিতৰত অসমলৈ সুৰক্ষিতভাৱে ঘূৰিল ১৩১ গৰাকী লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে তথ্য।
মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ ২৪৬ গৰাকী লোকৰ ভিতৰত ১৩১ গৰাকীক নিৰাপদে উভতি আহিছে। আটাইকেইগৰাকী লোককে সুকলমে উভতাই অনা হৈছে বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Shillong violence)।
উল্লেখ্য যে, ১৯ আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰে অসমৰ বহু লোক। আৱদ্ধ যাত্ৰা, পৰ্যটক আৰু বাহনসমূহৰ চলাচল সুচল কৰাৰ বাবে এতিয়া দুয়োখন ৰাজ্য চৰকাৰে সমন্বয় বৃদ্ধি কৰিছে (Shillong incident)।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বাকী আৱদ্ধ লোকসকলকো শীঘ্ৰেই সুৰক্ষিতভাৱে গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে (Assam Meghalaya Tension)।
শনিবাৰে কইনাধৰাত দুয়োখন ৰাজ্যৰ পৰিস্থিতিক লৈ অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ বৈঠক। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে এই বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰিছে।
বৈঠকত দুয়োখন ৰাজ্যৰ চৰকাৰে পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত পৰ্যটক, যাত্ৰা আৰু বাহনৰ নিৰাপদ ছলাচল নিশ্চিত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।
এই বৈঠকত ১৯ আগষ্টত শ্বিলঙত সংঘটিত ঘটনাৰ বাবে মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰে আৰু এই ঘটনাৰে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।
লগতে পঢ়ক: অসম-মেঘালয়ৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
