Voice of Eastern India

Dr Buljit Buragohain’s Book released


দক্ষতাই গঢ়িব নতুন কেৰিয়াৰৰ পথ
ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘দক্ষতাভিত্তিক কেৰিয়াৰ’ গ্ৰন্থ প্ৰকাশ

ABKK News, Kamarupa, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : পৰিৱৰ্তনশীল কৰ্মজগতত দক্ষতাৰ গুৰুত্ব, কৰ্মসংস্থান আৰু স্বনিয়োজনৰ সম্ভাৱনাক কেন্দ্ৰ কৰি কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁইৰ নতুন গ্ৰন্থ ‘দক্ষতাভিত্তিক কেৰিয়াৰ : বৃত্তি, কৰ্মসংস্থান আৰু স্বনিয়োজনৰ বিস্তৃত সুযোগ’ প্ৰকাশ পাইছে।
বনলতা, পাণবজাৰ, গুৱাহাটীৰ পৰা প্ৰকাশিত ১৯২ পৃষ্ঠাৰ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ ছেপ্টেম্বৰ, ২০২৬ত প্ৰকাশিত হৈছে। গ্ৰন্থখনৰ প্ৰকাশক অনন্ত হাজৰিকা আৰু মূল্য ২২০ টকা। ‘দক্ষতাভিত্তিক কেৰিয়াৰ’ গ্ৰন্থখন অনলাইনত ক্ৰয় কৰিবলৈ বনলতা, গুৱাহাটীৰ সৈতে হোৱাটছএপ (৯৪৩৫০৪৪৭৯৯) যোগে যোগাযোগ কৰিব পাৰে।


প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু কৰ্মবজাৰৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত কেৱল শিক্ষাগত অৰ্হতা নহয়, ব্যৱহাৰিক দক্ষতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গ্ৰন্থখনত গুৰুত্ব দিয়া হৈছে। চিকিৎসা, অভিযান্ত্ৰিক আৰু চৰকাৰী চাকৰিৰ উপৰি নিৰ্মাণ, বিদ্যুৎ, যান্ত্ৰিক, অটোমোবাইল, খাদ্য প্ৰস্তুতকৰণ, তথ্য-প্ৰযুক্তি, স্বাস্থ্যসেৱা, পৰ্যটন, কৃষি, বস্ত্ৰ, বাঁহ-হস্তশিল্প আৰু নবীকৰণযোগ্য শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত দক্ষতাভিত্তিক কেৰিয়াৰৰ সম্ভাৱনা আলোচনা কৰা হৈছে।
বৃত্তিমূলক শিক্ষা, আই.টি.আই., চাকৰি, উদ্যমিতা আৰু স্বনিয়োজনৰ বিভিন্ন সুযোগো গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী, অভিভাৱক তথা কেৰিয়াৰ নিৰ্বাচনৰ সন্ধিক্ষণত থকা যুৱক-যুৱতীক লক্ষ্য কৰি সহজ-সৰল অসমীয়া ভাষাত গ্ৰন্থখন ৰচনা কৰা হৈছে।
ড° বুঢ়াগোহাঁইৰ মতে, “শিক্ষাই জ্ঞান দিয়ে, কিন্তু দক্ষতাই সেই জ্ঞানক কৰ্মক্ষমতালৈ ৰূপান্তৰিত কৰে।” গ্ৰন্থখনৰ জৰিয়তে শিক্ষাৰ্থীসকলক ‘কি পঢ়িব?’ৰ লগতে ‘কি শিকিব?’ আৰু ‘কি কৰিব পাৰিব?’—এই প্ৰশ্নসমূহৰ ওপৰতো গুৰুত্ব দিবলৈ উৎসাহিত কৰা হৈছে।



Source link

Leave A Reply

Your email address will not be published.