Voice of Eastern India

Guwahati hotel guidelines: নিমিষা কাণ্ডৰ পাছতে কঠোৰ আৰক্ষী, হোম ষ্টে’, হোটেল-লজলৈ জাৰি বিশেষ নিৰ্দেশনা


Guwahati hotel guidelines: নিমিষা কাণ্ডৰ পাছতে হোটেল-লজত নতুন নিয়ম, মালিক-পৰিচালকলৈ আৰক্ষীৰ সতৰ্কবাণী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ হোমষ্টে, হোটেল, লজ আৰু গেষ্ট হাউছসমূহক অতিথি পৰিচয় পৰীক্ষা আৰু তথ্য সংৰক্ষণৰ নিৰ্ধাৰিত নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে (Guwahati hotel guidelines)।

মঙলবাৰে গুৱাহাটী আৰক্ষীৰ ডিচিপি বলীন দেউৰীৰ সৈতে অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰা প্ৰতিষ্ঠানসমূহৰ মালিক আৰু পৰিচালকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে এই নিৰ্দেশনাসমূহ জাৰি কৰা হয় (Nimisha Thakuria death Case)।

বৈঠকত ডিচিপি দেউৰীয়ে কোনো অতিথিক থকাৰ অনুমতি দিয়াৰ পূৰ্বে তেওঁলোকৰ পৰিচয় সঠিকভাৱে পৰীক্ষা কৰা আৰু প্ৰয়োজনীয় তথ্য সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (Guidelines For Guwahati Homestay)।

বিশেষকৈ যুৱক-যুৱতীয়ে কোঠা বুকিং কৰাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰক্ষীয়ে হোটেল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। প্ৰয়োজনীয় পৰিচয়-পত্ৰ পৰীক্ষা কৰি তাৰ তথ্য নথিভুক্ত কৰাটো বাধ্যতামূলক বুলি আৰক্ষীয়ে স্পষ্ট কৰে।

প্ৰতিটো কোঠাৰ বাহিৰে-ভিতৰে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ লগাব লাগিব বুলি বৈঠকত নিৰ্দেশ হিয়া হয়। ১১২ ডাঙৰ আখৰৰেৰে লিখি থ’ব লাগিব বুলি নিৰ্দেশ দিয়া হয়।  

দেউৰীয়ে কয়, “আৰক্ষীয়ে সকলো অস্থায়ী আবাসন প্ৰতিষ্ঠানক প্ৰতিটো কোঠাতে আৰক্ষীৰ হেল্পলাইন নম্বৰ প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে। লগতে মালিক আৰু পৰিচালকসকলক সঠিক পৰিচয়-পত্ৰ অবিহনে যুৱক-যুৱতীক কোঠা আবণ্টন নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।”

নিৰ্ধাৰিত নিয়ম উলংঘা কৰা হোটেল, লজ আৰু গেষ্ট হাউছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে।

অস্থায়ী আবাসনস্থলীত অপৰাধমূলক কাৰ্যকলাপ প্ৰতিৰোধ আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আৰক্ষীৰ সজাগতামূলক অভিযানৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত কৰা হয়।

আৰক্ষী বিষয়াসকলে কয় যে এনে প্ৰতিষ্ঠানতো অপৰাধমূলক ঘটনা সংঘটিত হ’ব পাৰে। সেয়েহে হোটেল কৰ্তৃপক্ষক সদা সতৰ্ক হৈ থাকিবলৈ আৰু আইন-শৃংখলা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হয়।

ফটাশিল আমবাৰী অঞ্চলৰ কেইবাখনো হোটেল, লজ আৰু গেষ্ট হাউছৰ মালিক তথা পৰিচালকে বৈঠকখনত অংশগ্ৰহণ কৰে। আৰক্ষীয়ে সকলো অস্থায়ী আবাসন সেৱা প্ৰদানকাৰীক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি অতিথিসকলৰ তথ্য নিয়ম অনুসৰি সঠিকভাৱে পৰীক্ষা, নথিভুক্ত আৰু সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: Nimisha Thakuria death Case: নিমিষা কাণ্ডৰ নতুন মোৰ, আন এক অভিযুক্তক আটক আৰক্ষীৰ

Source link



Source link

Leave A Reply

Your email address will not be published.