Voice of Eastern India

Glacial Lake Outburst Bhutan: নামনি অসমত ভয়ংকৰ বিপদৰ আশংকা!


Glacial Lake Outburst Bhutan: যিকোনো মুহুৰ্তত বানে ল’ব পাৰে ভয়াৱহ ৰূপ।

ভূটানত হিমবাহৰ পানী জমা হৈ থকা এটা হ্ৰদ হঠাৎ বিস্ফোৰিত হোৱাত নামি আহিছে প্ৰচণ্ড জলৰাশি। ইয়াৰ ফলত অসম আৰু পশ্চিম বংগৰ কেইবাটাও অঞ্চলত বানৰ আশংকা সৃষ্টি হৈছে। বিশেষকৈ অসমৰ ধুবুৰী আৰু পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাত সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা জাৰি কৰিছে কৰ্তৃপক্ষই। নৈপৰীয়া অঞ্চলৰ বাসিন্দাসকলক সাৱধান হোৱাৰ লগতে প্ৰয়োজনত নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনোৱা হৈছে (Glacial Lake Outburst Bhutan)।

শুকুৰবাৰে ভূটানৰ মোচু উপ-অৱবাহিকাৰ ছিণ্টাফু হ্ৰদৰ পানী হঠাৎ ওলাই অহাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাথমিক তথ্য অনুসৰি, হ্ৰদটোৰ পৰা প্ৰায় ৭৪ লাখ ঘনমিটাৰ পানী ওলাই আহিছে। এই ঘটনাত এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ভূটানত কমেও দুখন বেইলী দলং খহি পৰা বুলি জানিব পৰা গৈছে।

ধুবুৰী আৰু আলিপুৰদুৱাৰত বানৰ আশংকা–

ভূটানৰ পৰা নামি অহা পানীৰ ঢলে ভাৰত-ভূটান সীমান্ত পাৰ হৈ অসমৰ ধুবুৰী আৰু পশ্চিম বংগৰ আলিপুৰদুৱাৰত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। এই সন্দৰ্ভত বিশেষ বান সতৰ্কবাণী জাৰি কৰি দুয়োখন ৰাজ্যৰ প্ৰশাসনক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে (Dhubri Flood Warning)।

সতৰ্কবাণী অনুসৰি, ভূটানৰ পুনাটছাংছু নদীৰ উজনি অংশত সৃষ্টি হোৱা বানৰ পানী ৬ৰ পৰা ৮ ঘণ্টাৰ ভিতৰত ভাৰত-ভূটান সীমান্তত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগৰ সোণকোষ নদীৰ নামনি অঞ্চলসমূহতো বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। আলিপুৰদুৱাৰ আৰু কোচবিহাৰ জিলাক সম্ভাব্য বানপ্ৰভাৱিত অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে (Assam West Bengal Flash Flood)।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কোচবিহাৰৰ টুফানগঞ্জ আৰু বক্সিৰহাটত NDRF আৰু SDRFৰ দল মোতায়েন কৰা হৈছে। অসমৰ সীমান্তৰ কাষেৰে বৈ যোৱা সোণকোষ নদীৰ পাৰৰ এই অঞ্চলসমূহত দুৰ্যোগ সঁহাৰি বাহিনীয়ে সষ্টম হৈ আছে। উত্তৰ বংগৰ দাৰ্জিলিং পাহাৰ আৰু জলপাইগুৰিকে ধৰি আন কেইবাটাও অঞ্চলতো সতৰ্কতা জাৰি কৰা হৈছে।

উল্লেখ্য যে, ভূটানৰ পৰা নামি অহা সোণকোষ নদী উত্তৰ বংগ আৰু অসমৰ একাংশ অঞ্চলৰ মাজেৰে বৈ গৈছে। সেয়ে এই বানৰ ঢলে দুয়োখন ৰাজ্যৰ নৈপৰীয়া অঞ্চলত কি পৰিমাণৰ প্ৰভাৱ পেলায়, তাৰ ওপৰত এতিয়া নজৰ ৰাখিছে প্ৰশাসনে। অৱশ্যে নামনি অঞ্চলত বানৰ প্ৰকৃত প্ৰভাৱ আৰু নদীৰ শেহতীয়া জলস্তৰ সন্দৰ্ভত আনুষ্ঠানিক তথ্যৰ অপেক্ষা কৰা হৈছে।

লগতে পঢ়ক: Cyclone Arnab Update: কালঘূৰ্ণী অৰ্ণৱৰ ভয়াৱহ ৰূপ, সাগৰপৃষ্ঠত বহু ওপৰলৈ উঠিছে প্ৰচণ্ড ঢৌ

Source link



Source link

Leave A Reply

Your email address will not be published.