Voice of Eastern India

Agarwood Industry Assam: অসমৰ অগৰু উদ্যোগলৈ সুখবৰ, গুৱাহাটীৰ বিমানবন্দৰৰ পৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ৰপ্তানি


Agarwood Industry Assam: অগৰু খেতিয়কলৈ ডাঙৰ সকাহ, ৰপ্তানিৰ বাবে নতুন দুৱাৰ মুকলি।

অসমৰ অগৰু উদ্যোগৰ বাবে আহিছে এক উল্লেখযোগ্য সুখবৰ। কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক অগৰুৰ টুকুৰা আৰু অগৰুৰ তেল ৰপ্তানিৰ অনুমোদিত কেন্দ্ৰ হিচাপে স্বীকৃতি দিছে। এই সিদ্ধান্তই অসমৰ অগৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দুৱাৰ অধিক মুকলি কৰিব (Agarwood Industry Assam)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ ফলত অগৰু খেতিয়কসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত থকা পৰিবহণ আৰু আন আন সমস্যাসমূহো হ্ৰাস পাব।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক অসমৰ কৃষিভিত্তিক উদ্যোগীসকলৰ বাবে এক ডাঙৰ প্ৰেৰণা বুলি অভিহিত কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ অগৰুৰ যথেষ্ট চাহিদা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই স্বীকৃতিয়ে ৰাজ্যখনৰ অগৰু উদ্যোগৰ বিকাশত নতুন গতি আনিব (Assam Agarwood Export)।

তেওঁৰ মতে, ৰপ্তানিৰ প্ৰক্ৰিয়া সহজ হোৱাৰ ফলত অগৰু উদ্যোগৰ সৈতে জড়িত লাখ লাখ লোক উপকৃত হ’ব। লগতে, বিশ্বৰ বজাৰত অসমৰ সামগ্ৰীৰ প্ৰতিযোগিতামূলক ক্ষমতাও বৃদ্ধি পাব।

এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অসমৰ অনুৰোধ বিবেচনা কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলক কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে (Assam Agarwood Oil Export)।

ইফালে, পীয়ূষ গোৱেলেও এই অনুমোদনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁৰ মতে, গুৱাহাটীক অগৰু ৰপ্তানিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়াৰ ফলত উৎপাদক আৰু ব্যৱসায়ীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰ অধিক সহজলভ্য হ’ব।

নতুন ব্যৱস্থাই ৰপ্তানিৰ সৈতে জড়িত আনুষ্ঠানিকতা আৰু পৰিবহণৰ জটিলতা হ্ৰাস কৰিব। ইয়াৰ ফলত অসমৰ অগৰু খেতিয়ক, উৎপাদক, ব্যৱসায়ী আৰু ৰপ্তানিকাৰকসকলে অধিক সুবিধা লাভ কৰিব।

বিশ্বজুৰি অগৰু আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰৰ এই সিদ্ধান্তই অসমৰ অগৰু উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অধিক শক্তিশালী স্থান দিয়াৰ সম্ভাৱনা সৃষ্টি কৰিছে।

লগতে পঢ়ক: Arijit Singh in Barpeta Road: বৰপেটা ৰোডৰ হোটেলত হঠাৎ উপস্থিত অৰিজিৎ সিং, থলুৱা খাদ্যৰ জুতি লৈ কৰিলে প্ৰশংসা

Source link



Source link

Leave A Reply

Your email address will not be published.