Voice of Eastern India

‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই; মুখ্যমন্ত্ৰীৰ মন্তব্য


ঘাতক ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাক লৈ এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অভিযুক্তজনক আৰক্ষীয়ে হত্যা কৰা নাই, বৰঞ্চ তেওঁ আৰক্ষীলৈ ওপৰত গুলী চালনা কৰাৰ পিছত পুলিচে আত্মৰক্ষাৰ বাবে চলোৱা গুলীচালনাতহে তেওঁৰ মৃত্যু হয়।

ঘটনাটো দুৰ্ভাগ্যজনক বুলি বৰ্ণনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এই মৃত্যুৰ বাবে আৰক্ষীক দোষাৰোপ কৰিব নালাগে, কাৰণ ঘনকান্ত গগৈয়ে পুলিচৰ ওপৰত গুলী চালনা কৰাৰ পিছতহে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। গণতন্ত্ৰত ন্যায় আদালতে দিব,আৰক্ষীয়ে দিব নোৱাৰে। ঘনকান্ত গগৈৰ মৃত্যুটো অতি দুৰ্ভাগ্যজনক।

যদি শ্যামকানু  মহন্ত বা সিদ্ধাৰ্থ শৰ্মাইও আৰক্ষীলৈ বন্দুক লৈ আৰক্ষীক আক্ৰমণ কৰে,তেতিয়াও আৰক্ষীয়ে উত্তৰ দিব। আমি কাকো মাৰা নাই।ঘনকান্ত গগৈক পুলিচে মাৰিছে বুলি ভুল বাৰ্তা নিবিয়াপ। আমি কাকো মাৰিব নোৱাৰো। এইবোৰ যদি ভাল কাম হ’ল হয় তেতিয়া মই সামাজিক মাধ্যমটো পোষ্ট কৰিলো হয়। কিন্তু এতিয়া দিয়া নাই। কাৰণ সেইটো ভাল হোৱা নাই বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কিছুমান অপৰাধীয়ে অপৰাধ মূলক কাম কৰে, বা পুলিচক গুলীচালনা কৰে তেতিয়াহে আৰক্ষীয়ে ব্যৱস্থা লয়। ঘনকান্ত গগৈ এজন প্ৰফেচ’নেল মাৰ্ডাৰাৰ। তেওঁৰ কথাটো সম্পূৰ্ণ বেলেগ।  

লগতে পঢ়ক: ‘মোৰ নিৰ্দোষী মানুহটোৰ লগত এনেকুৱা কৰিলে’; ঘনকান্ত গগৈৰ পত্নীৰ ডাঙৰ মন্তব্য

Source link



Source link

Leave A Reply

Your email address will not be published.