Voice of Eastern India

Assam Cabinet Decisions: অসম কেবিনেটৰ তিনিটা ডাঙৰ সিদ্ধান্ত, কাৰ বাবে কি ঘোষণা মুখ্যমন্ত্ৰীৰ?


Assam Cabinet Decisions: শিক্ষক-কৰ্মচাৰীৰ পৰিয়ালৰ পৰা শিক্ষাৰ্থীলৈ, চৰকাৰৰ নতুন ঘোষণা।

ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনাৰ বাবে ২০০ কোটি টকা আবণ্টন, সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মচাৰীৰ মৃত্যুৰ পিছত পৰিয়ালক দিয়া সাহায্যৰ পৰিমাণ বৃদ্ধি আৰু নামভৰ্তিৰ মাচুল ৰেহাইৰ ধন মুকলিৰ সিদ্ধান্ত লোৱা হয় (Assam Cabinet Decisions)।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহ ঘোষণা কৰে। তেওঁ জনোৱা মতে, আয়ুষ্মান অসম যোজনাৰ অধীনত ৰাজ্যৰ ৪০ লাখৰো অধিক পৰিয়ালে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰি আহিছে। ইয়াৰে প্ৰায় ৩০ লাখ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ধন যোগান ধৰে। বাকী হিতাধিকাৰীৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰে। সেই উদ্দেশ্যে ২০০ কোটি টকা আবণ্টন দিয়া হৈছে (Assam Cabinet Decisions 2026)।

আনহাতে, সমগ্ৰ শিক্ষা অভিযানৰ সৈতে জড়িত শিক্ষক, বিষয়া-কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে পৰিয়ালক প্ৰদান কৰা এককালীন সাহায্য ৫ লাখৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অসুস্থতাকে ধৰি যিকোনো কাৰণত মৃত্যু হ’লে এই সাহায্য লাভ কৰিব পৰিয়ালে।

ইফালে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তিৰ মাচুল ৰেহাই দিয়াৰ ফলত মহাবিদ্যালয়সমূহক ক্ষতিপূৰণ হিচাপে ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে ১০৮.৮১ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ ফলত নিৰ্দিষ্ট আয়ৰ শ্ৰেণীৰ ১.৫ লাখৰো অধিক প্ৰথম বৰ্ষৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী উপকৃত হ’ব।

লগতে পঢ়ক: Assam Agriculture Department: কৃষকলৈ আশ্বাস, বিষয়ালৈ নিৰ্দেশ! গোৱালপাৰাত ব্যস্ততাপূৰ্ণ কাৰ্যসূচী মন্ত্ৰী পীযুষ হাজৰীকাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.