Voice of Eastern India

সুখবৰঃ মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত ৩ বছৰ ধৰি ‘শূন্য চোৰাং চিকাৰ’


মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত ধাৰাবাহিকভাৱে তিনি বছৰ ধৰি গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই

ৰাজ্যৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক ঐতিহাসিক তথা উল্লেখযোগ্য সফলতা । ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত ধাৰাবাহিকভাৱে তিনি বছৰ ধৰি গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই । মঙলবাৰে এক ছচিয়েল মিডিয়া প’ষ্টযোগে এই জৰুৰী আৰু সুখবৰটো সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰৰ নিৰন্তৰ সংৰক্ষণ প্ৰচেষ্টাৰ বাবেই এই বৃহৎ সফলতা সম্ভৱ হৈ উঠিছে বুলি তেওঁ অভিহিত কৰে ।

“শূন্য বন্যপ্ৰাণী চিকাৰ এতিয়া এক নতুন স্বাভাৱিক কথা”

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)-ত কৰা এটা প’ষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত বন্যপ্ৰাণী চিকাৰৰ ঘটনাই সঘনাই সংবাদ শিৰোনাম দখল কৰা এই ৰাষ্ট্ৰীয় উদ্যানখনে এতিয়া এনে এক পৰ্যায়ত উপনীত হৈছে য’ত “শূন্য বন্যপ্ৰাণী চিকাৰ এক নতুন স্বাভাৱিক কথাত পৰিণত হৈছে ।”

“একেলেঠাৰিয়ে ৩ বছৰ ধৰি গঁড় আৰু বাঘৰ চিকাৰ সম্পূৰ্ণ শূন্য!” বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ সম্পূৰ্ণ কৃতিত্ব বন্যপ্ৰাণীক সুৰক্ষা দিয়া আৰু প্ৰাণীৰ বৈচিত্ৰ্য ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ তথা কঠোৰ প্ৰচেষ্টাক দিয়ে । তেওঁ কয় যে এই ইতিবাচক উত্তৰণে বন্যপ্ৰাণী সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰা আৰু সুৰক্ষিত বনাঞ্চলসমূহৰ সংৰক্ষণৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে এই ঐতিহাসিক মাইলৰ খুঁটিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “নিৰলস প্ৰচেষ্টা” আৰু সফলতাক সমগ্ৰ বিশ্বৰ দৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিলে ।

লগতে পঢ়ক : ফেচবুক লাইভযোগে কেইবাটাও সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Source link





Source link

Leave A Reply

Your email address will not be published.