Voice of Eastern India

গুৱাহাটীৰ পৰা ডুবাই-আবুধাবিলৈ পোনপটীয়া বিমান সেৱা


ডুবাই আৰু আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ আন্তঃৰাষ্ট্ৰীয় সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ অগ্ৰগতি হিচাপে অহা ৪ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে, ২২ জুনত সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত এই তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই নতুন বিৰতিহীন বিমান সেৱাই অসমৰ সৈতে বিশ্ব সম্প্ৰদায়ৰ সংযোগ অধিক শক্তিশালী কৰিব । তেওঁৰ মতে, এই পদক্ষেপে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূর্ণ ভ্ৰমণ আৰু পৰিবহন কেন্দ্ৰ হিচাপে অধিক সুদৃঢ় কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “বিশ্ব সম্প্ৰদায়ৰ সৈতে অসমক সংযোগ কৰাৰ নতুন পথ মুকলি হৈছে ।” তেওঁ লগতে কয় যে ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ক্ষেত্ৰত জাৰি কৰা ভ্ৰমণ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কেইদিনমান পাছতেই এই সুখবৰ ভাগ-বতৰা কৰিবলৈ পাই তেওঁ আনন্দিত ।

নতুন বিমান সেৱা আৰম্ভ হোৱাৰ পাছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ সংযুক্ত আৰৱ আমিৰাত (UAE), থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ আন্তঃৰাষ্ট্ৰীয় সংযোগ উপলব্ধ হ’ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে এতিয়া ভিয়েটনামৰ সৈতে পোনপটীয়া বিমান সংযোগ স্থাপনৰ দিশতো কাম কৰি আছে । “মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ভিয়েটনামলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা,” বুলি তেওঁ উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে ২০ জুনত মুখ্যমন্ত্রী ড০ শৰ্মাই ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ভ্ৰমণৰ বাবে জাৰি কৰা নিষেধাজ্ঞামূলক সতৰ্কবাণী সংশোধন আৰু প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছিল । তেওঁ সেই সিদ্ধান্তক ৰাজ্যখনৰ প্ৰতি এক উৎসাহজনক খবৰ আৰু আস্থাৰ প্ৰকাশ বুলি উল্লেখ কৰিছিল ।

লগতে পঢ়ক : অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.