Voice of Eastern India

নতুন সাহিত্য পৰিষদ আৰু পুষ্প প্ৰফুল্ল ন্যাসৰ প্ৰতিষ্ঠা দিৱস নতুন সাহিত্য উন্মোচিত


গুৱাহাটী, ৩ জুলাই:
আজি মহানগৰীৰ নবীন নগৰৰ পুষ্প প্ৰফুল্ল ন্যাস চৌহদত নতুন সাহিত্য পৰিষদৰ ৫০সংখ্যক
প্ৰতিষ্ঠা দিৱস গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে ৰূপায়িত হয়৷ পুৱাৰ ভাগত পৰিষদৰ গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দাসে সংগঠনৰ পতাকা উত্তোলন কৰে৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক সমিতিৰ সম্পাদক বীৰেন্দ্ৰ ডেকাই ৷ কন্ঠশিল্পী ৰীণা ৰয় খাটনিয়াৰ ,প্ৰিয়ম্বদা দাস ,কুমকুম মালাকাৰ আৰু নীলিমা দত্ত চৌধুৰীয়ে পৰিৱেশন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ’নামি অাহা সুন্দৰৰে সেনাশিল্পী দল ’শীৰ্ষক সাহিত্য সংগঠনটোৰ শীৰ্ষ সংগীতেৰে অনুষ্ঠানটি মুকলি হয়৷ নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি সমীন্দ্ৰ হুজুৰিয়ে পৰিষদৰ জন্মলগ্নৰ পুৰোধা সকলৰ অৱদানৰ লগতে পুষ্প-প্ৰফুল্ল ন্যাস গঠনৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
নতুন সাহিত্য পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বানত বিশ্বনাথত ২০২৭ বৰ্ষৰ আৰম্ভণিতে হ’বলগীয়া ২১সংখ্যক ৰাজ্যিক সন্মিলন উপলক্ষে প্ৰকাশ পাবলগীয়া প্ৰগতিবাদী কবিতা ,গল্প, কবিতা প্ৰবন্ধকে ধৰি দহখনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলি থকাৰ কথা অবগত কৰে৷
অনুষ্ঠানৰ মুখ্য অতিথি বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলীয়ে বৰ্তমান সময়ত পৰিবৰ্তনকামী সকলো বাওঁ আদৰ্শৰ দল, সংগঠন ,সাহিত্য আৰু সাংস্কৃতিক সংগঠন তথা ব্যক্তিসকলে সৰুসুৰা মতপাৰ্থক্যৰ কথা এৰি ঐক্যবদ্ধ হোৱাৰ জৰুৰী প্ৰয়োজনৰ কথা দৃঢ়তাৰে দোহাৰে৷ কৰ্পোৰেটৰ ধনেৰে নিৰ্বাচন জিকি বৰ্তমান চৰকাৰে সমাজত ভেদ বিভেদ সৃষ্টি কৰি সকলোকে সংকটত পেলাই নিজৰ দুঃশাসন চলাইছে বুলি বক্তাগৰাকীয়ে মন্তব্য কৰে৷ বৰ্তমান সময়ত সকলো শুভবুদ্ধি সম্পন্ন শিল্পী সাহিত্যিকৰ দায়িত্ব সমাজৰ উপেক্ষিত সকলৰ বাবে সক্ৰিয়তাৰে কাম কৰা৷ আমি আমাৰ ভৱিষ্যত
প্ৰজন্মক সঠিক পথৰ সন্ধান দিব পৰা নাই৷শাসকীয় দলে ক্ষমতাত থাকিবলৈ লাখ লাখ কোটিটকা ধাৰৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছে৷তাৰ বিৰুদ্ধে শক্তিশালী প্ৰতিক্ৰিয়া নোহোৱাৰ দৰেই হৈছে৷
অন্যায়ৰ বিৰুদ্ধে প্ৰতিাদ আৰু সংগঠিত শক্তিৰে প্ৰতিৰোধ গঢ়ি নুঠিলে শাসকসকলে নিজৰ গাদী নেৰে৷ সীমিত শক্তি
সত্বেও নতুন সাহিত্য পৰিষদে
গুৰুত্ব পূৰ্ণ কাম কৰি আছে৷এই যুঁজ চলাই যাব লাগিব৷
অনুষ্ঠানত অমিয় কুমাৰ দাস ইন্সটিটিউট অফ ছোচিয়েল চাইন্স এন্ড ডেভেলপমেণ্ট ৰ প্ৰাক্তন সঞ্চালিকা
ড°ইন্দ্ৰানী দত্তই নতুন সাহিত্য পৰিষদৰ মুখপত্ৰ নতুন সাহিত্যৰ ৪৪ সংখ্যাটো উন্মোচন কৰে৷ তেওঁ ভাষণত দীৰ্ঘ চাৰি দশকতকৈও অধিককাল মান বিশিষ্ট আলোচনীখন কোনো ছেদ নপৰাকৈ প্ৰকাশ কৰি নতুন সাহিত্য পৰিষদে সাহিত্যৰৰ ক্ষেত্ৰত এক লেখৰ বৰঙনি আগবঢ়াই গভীৰ দায়িত্ববোধৰ পৰিচয় দিয়া বুলি মন্তব্য কৰে৷তেওঁ আৰু কয় সাহিত্য আৰু সংস্কৃতি জগতৰ সৈতে যুক্তসকলৰ এই সময়ত দায়িত্ব আৰু গধুৰ৷নতুন সাহিত্যৰ এই সংখ্যাত প্ৰকাশিত লেখাসমূহৰো তেওঁ মূল্যায়ন দাঙি ধৰি কয় লেখাসমূহে পাঠকক চিন্তাৰ খোৰাক জগাব৷
নতুন সাহিত্যৰ সম্পাদক তৰুণ তামুলীয়ে আলোচনীখনৰ প্ৰস্তুতিৰ অভিজ্ঞতাৰ বিষয়ে অবগত কৰে৷সভাত উপস্থিত সকলৰ মাজৰ পৰা লেখক খগেন মেধি, সক্ৰিয় সমাজকৰ্মী ৰবীন দত্ত, পৰিষদৰ ৰাজ্যিক সদস্যা সত্যমণি বৰাখনিকৰ প্ৰমুখ্যে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সৈতে সাহিত্য সংগঠন সম্পৰ্কৰ অনুভৱৰ কথা ব্যক্ত কৰে৷ শিক্ষাবিদ ড° ঘনশ্যাম নাথে পুষ্প প্ৰফুল্ল ন্যাস আৰু নতুন সাহিত্য পৰিষদৰ কাম কাজ বৃদ্ধিৰ বাবে অংগীকাৰ কৰাৰলগতে আত্ম সমালোচনাৰে আগবাঢ়িবলৈ সকলোকে আহ্বান জনায়৷
বিশিষ্ট আবৃত্তিকাৰ , লেখক বিপুল শৰ্ম কবি নৱকান্ত বৰুৱা ,হীৰেন ভট্টাচাৰ্য আৰু হিমাংগ বিশ্বাসৰ কবিতা আবৃতিৰে সকলোকে আপ্লুত কৰে৷ নিবন্ধকাৰ ৰবীন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখন সফল কৰাৰ বাবে পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক ভৱ ডেকাৰ সকলোকে কৃতজ্ঞতা জনায়৷



Source link

Leave A Reply

Your email address will not be published.