এ.বি.কে.কে., গুৱাহাটী, ৩ জুলাই : সাংবাদিক হিচাপে কৰ্মজীৱনত মাজে সময়ে তিতা-কেহাৰ অভিজ্ঞতাৰ সম্মুখীন হয়, যদিও ইয়াক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যদাৰে আগুৱাই লৈ গ’লে একোটা সুন্দৰ জীৱনৰ মাদকতাক উন্মোচিত কৰে। সততা, নিষ্ঠা শ, নিৰ্ভীকতাৰে দায়িত্ব পালন কৰিলে কোনো সমস্যাই পাত্তা নাপায় আৰু কুচক্ৰান্তকাৰীৰ কুৰটনা আপোনা আপুনি পানী হৈ যায়। গতিকে আমাৰ কাম নিৰপেক্ষতা আৰু ৰাইজৰ কণ্ঠ হিচাপে ভূমিকা পালন কৰা। অল ইণ্ডিয়া ৰিপোৰ্টাছ এচোছিয়েশ্যন আইৰা ৰিপোৰ্টাৰ আইকন এৱাৰ্ড গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে অসম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিঙে।
মিচিং আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ সাঁকো হিচাপে সেৱা আগবঢ়াই থকা অসম লুতাদৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙক অল ইণ্ডিয়া ৰিপোৰ্টাছ এচোছিয়েশ্যন (আইৰা)ৰ ৰিপোৰ্টাৰ আইকন এৱাৰ্ড প্ৰদান কৰে । অল ইণ্ডিয়া ৰিপোৰ্টাছ এচোছিয়েশ্যন অসম ৰাজ্যিক শাখাৰ বাৰ্ষিক অধিবেশন উপলক্ষে গুৱাহাটীৰ দিছপুৰস্থিত পি.ডবলিউ কনভেণ্টছন এণ্ড ট্ৰেইনিং চেণ্টাৰত সম্পন্ন হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা দেখা গ’ল। অসম লুতাদ সংবাদ গোষ্ঠীৰ সম্পাদক তথা প্ৰগতিশীল সাংবাদিক অৰিন্দম প্ৰিন্স পাংগিঙে অসমীয়া সংবাদ মাধ্যমলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। তানিঃ আগম এচাৰ কাকত, দৈনিক সোণৰ অসম, সমীক্ষণ বাৰ্তালোচনী, মিচিং অসমীয়া আৰু ইংৰাজী ভাষাত অসম লুতাদ সংবাদ মাধ্যমৰ জৰিয়তে আহোপুৰুষাৰ্থ কৰি আহিছে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰথম খবৰ চেনেলৰ মূখ্য সম্পাদক প্ৰণয় বৰদলৈ, এপিডিচিএল’ৰ অধ্যক্ষ ড° প্ৰকাশ কাশ্যপ, বিটিচি চীফ’ৰ প্ৰেছ উপদেষ্টা বল্লৱ অধিকাৰী, অল ইণ্ডিয়া ৰিপোৰ্টাছ এচোছিয়েশ্যন কেন্দ্ৰীয় সভাপতি ড° তাৰিক জাকিৰ, সাংবাদিক লক্ষ্মণ শৰ্মা, বাপ্পা সৰকাৰ, আইৰা অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক সমীৰণ দাস ইত্যাদিয়ে উপস্থিত আছিল। অসম লুতাদৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙৰ এনে কৃতিত্বত উষ্ম অভিনন্দন জনাইছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেচন অসমৰ সভাপতি মাৰ্কোচ বসুমতাৰী, এন ই হাইজিন চল্যুচনৰ পৰিচালন সঞ্চালক নৱ কামান, যুৱ সমাজকৰ্মী দেৱজিত দলে, ভেষ্টিন ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড° কৃষ্ণাণ সৰ্বপল্লী, সাহিত্যিক কৃষ্ণৰাম মিলি, সমাজকৰ্মী কুলেশ্বৰ লাগাচু আৰু বিভিন্ন দল- সংগঠনে।
