অসম বিধানসভাত ৰাজ্যিক বাজেট ২০২৬ দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
অসম লুতাদ, ১০ জুলাই: গুৱাহাটী এৰ’ট্ৰ’পলিছ প্ৰকল্প ,লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰ কৰি আজিৰ ঘোষিত বাজেটত এখন আধুনিক এৰ’ট্ৰ’পলিছ আৰু গুৱাহাটী উপগ্ৰহ নগৰ (Satellite City) গঢ়ি তোলাৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ ওপৰত বিমানবন্দৰৰ ওচৰত নিৰ্মীয়মাণ নতুন সেঁতুৱে এই অঞ্চলক অধিক সংযোগ, ব্যৱসায়িক সুবিধা আৰু নগৰায়ণৰ নতুন দিশ দিব। সম্পূৰ্ণ চৰকাৰী মালিকানাধীন গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি (GSCDA)-ৰ জৰিয়তে ৰূপায়িত হ’ব এই প্ৰকল্প, যাৰ ফলত উন্নয়নৰ লাভ পোনপটীয়াকৈ অসমৰ জনসাধাৰণলৈ আহিব।
বিশ্বমানৰ আন্তঃগাঁথনি, উদ্যোগ, বাণিজ্যিক এলেকা, আধুনিক বাসস্থান, শিক্ষা আৰু স্বাস্থ্যসেৱাৰে সজ্জিত এই নতুন নগৰ ভৱিষ্যতে বিনিয়োগ, উদ্যোগ আৰু বৃহৎ কৰ্মসংস্থাপনৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে নিজ ৰাজ্যতেই নতুন সম্ভাৱনা আৰু উন্নত জীৱিকাৰ সুযোগ লাভ কৰিব।
এই সপোন বাস্তৱায়নৰ বাবে ছেটেলাইট চিটি প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ উদ্দেশ্যে ₹২,১০০ কোটি টকা আবণ্টন কৰা হৈছে। এই পদক্ষেপে অসমৰ অৰ্থনৈতিক বিকাশৰ এক নতুন দিগন্ত উন্মোচন কৰাৰ লগতে আগন্তুক প্ৰজন্মৰ বাবে এক সমৃদ্ধ, আধুনিক আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ ভেটি স্থাপন কৰিব।
ইয়াৰোপৰি শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবলৈ এইবাৰ বাজেটত প্ৰাধান্য দিয়া দেখা গৈছে। কৃষি খণ্ড, উদ্যোগ, ব্যৱসায়-বাণিজ্য, যাতায়ত-পৰিবহণ, যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ বিভিন্ন দিশৰ অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য আগত ৰাখিয়েই এই বাজেট দাখিল কৰা হৈছে বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মত পোষণ কৰিছে।

