Voice of Eastern India

অসম বাজেট ২০২৬-২৭: ২ লাখ চাকৰিৰ পৰা নিযুত মইনালৈ! জানক গুৰুত্বপূৰ্ণ ঘোষণাসমূহ


অসম বাজেট ২০২৬: উন্নয়নৰ নতুন ৰেডমেপ! মহিলা, কৃষক আৰু যুৱ প্ৰজন্মৰ বাবে ডাঙৰ ঘোষণা-

বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ ৰাজ্যিক বাজেট উত্থাপন কৰে । ৰাজ্যৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, শিক্ষা, কৃষি, আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব দি এই বাজেটত এক বৃহৎ উন্নয়নমূলক ৰেডমেপ দাঙি ধৰা হৈছে । আহক জানো এই বাজেটৰ গুৰুত্বপূৰ্ণ ঘোষণা আৰু জনসাধাৰণৰ বাবে কি কি আছে :

আন্তঃগাঁথনি আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্প

অসম চৰকাৰে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই বাজেটত ১০,০০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিছে । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে ‘গুৱাহাটী ৰিং ৰোড প্ৰকল্প’, যাৰ বাবে অকলেই ৪,৯৫৪ কোটি টকা ধাৰ্য কৰা হৈছে । এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ যান-জঁট সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ।

মহিলা, শিক্ষাৰ্থী আৰু দিব্যাংগসকলৰ বাবে কল্যাণকামী আঁচনি

বাজেটত বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ বাবে মোট ৬,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ।

মহিলা সবলীকৰণ: চলিত বিত্তীয় বৰ্ষত ৩৫,০০০ গৰাকী মহিলাক নতুন আঁচনিৰে উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে ।

দিব্যাংগ বাহন আঁচনি: ইয়াৰ অধীনত চৰকাৰে ৰাজ্যৰ ৩.৭৫ লাখ বিশেষভাৱে সক্ষম ব্যক্তিক সামৰি ল’ব ।

চাহ বাগিচাৰ মহিলালৈ সাহায্য: চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলক ১৫,০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব ।

শিক্ষাৰ্থীলৈ মাহিলী ২৫০০ টকা: উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ৪৮,৩৬৬ গৰাকী স্নাতক শ্ৰেণীৰ শিক্ষাৰ্থীক মাহে ২,৫০০ টকাৰ বিত্তীয় সাহায্য চৰকাৰে অব্যাহত ৰাখিব ।

কৃষকসকলৰ বাবে বিশেষ বোনাচ (MSP তকৈ অধিক মূল্য)

কৃষকসকলৰ আৰ্থিক সকাহ দিবলৈ চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি আঁচনি’ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে, যাৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে ১১,০০০ টকাকৈ সাহায্য লাভ কৰিব । লগতে শস্যৰ মূল্য বৃদ্ধিৰ বাবে তলত দিয়া ধৰণে ঘোষণা কৰা হৈছে :

ধান আৰু ঘেঁহু- কুইণ্টলে প্ৰতি অতিৰিক্ত ২০০ টকা

সৰিয়হ-কুইণ্টলে প্ৰতি অতিৰিক্ত ৩০০ টকা

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু অৰুণোদয়

বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বহু প্ৰত্যাশিত ‘মুখ্যমন্ত্ৰী নিজুত মইনা আঁচনি’ৰ আবেদন প্ৰক্ৰিয়া অহা আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব । অক্টোবৰ মাহৰ পৰা উপভোক্তাসকলে ইয়াৰ সাহায্য লাভ কৰিব আৰু এইবাৰ ৫.৩ লাখতকৈও অধিক ছাত্ৰী ইয়াৰ দ্বাৰা উপকৃত হ’ব । ইয়াৰ উপৰি ৰাজ্যৰ সৰ্ববৃহৎ প্ৰত্যক্ষ বিত্তীয় সাহায্য আঁচনি ‘অৰুণোদয়’ আৰু ‘জীৱন প্ৰেৰণা আঁচনি’ৰ অধীনত সাহায্য অব্যাহত থাকিব । অহা আগষ্টৰ পৰা ৬২১ গৰাকী উদাসীন ভকতকো মাহে ১,৫০০ টকাকৈ মাননি প্ৰদান কৰা হ’ব ।

৫ বছৰত ২ লাখ নতুন চাকৰি আৰু কৰ্মচাৰীৰ বাবে কঠোৰ নিয়ম

কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে এক বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে । আগন্তুক পাঁচ বছৰত ৰাজ্যত দুই লাখতকৈও অধিক নতুন চাকৰি প্ৰদান কৰা হ’ব, যাৰ বাবে ইতিমধ্যে এক বিশেষ ‘টাস্ক ফৰ্চ’ গঠন কৰা হৈছে ।

চৰকাৰী সেৱা বিধি উলংঘা কৰি কোনো চৰকাৰী কৰ্মচাৰী বহুবিবাহ (একাধিক বিবাহ) কৰাৰ ক্ষেত্ৰত দোষী সাব্যস্ত হ’লে তেওঁক পোনপটীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব ।

অসমৰ অৰ্থনৈতিক স্থিতি আৰু জনমূৰি আয়

ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ খতিয়ান দাঙি ধৰি বিত্ত মন্ত্ৰীগৰাকীয়ে জনায় যে বৰ্তমান অসমৰ জনমূৰি আয় ১,৮৫,৪২৯ টকালৈ বৃদ্ধি পাইছে । চৰকাৰে ৰাজ্যৰ নিজস্ব ৰাজহৰ অৱদান ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । লগতে, ২০২৫-২৬ বৰ্ষত মূলধনী ব্যয় ২৬,৫৩১ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে অসমৰ দীৰ্ঘম্যাদী উন্নয়নৰ দিশটোক প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক : আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব চৰকাৰী আঁচনিসমূহ, বাজেটত ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.