Voice of Eastern India

JMCH ত সংকটজনক অৱস্থাত আহত ৭ জন


শুকুৰবাৰে কাজিৰঙাৰ ৰঙাজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সন্দৰ্ভত JMCHৰ অধীক্ষক ডাঃ মানৱ গোহাঁই এক সংবাদমেল সম্বোধন কৰে।

কাজিৰঙাৰ পথ দুৰ্ঘটনাত আহত বহু লোক বৰ্তমান যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত আছে। আহতৰ সন্দৰ্ভত   JMCHৰ অধীক্ষক ডাঃ মানৱ গোহাঁই এক সংবাদমেল সম্বোধন কৰে। চিকিৎসাধীন আহতসকলৰ স্বাস্থ্য সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি অধীক্ষক গৰাকীয়ে কয় যে বৰ্তমান JMCHৰ ICUত বিশেষজ্ঞ চিকিৎসকে আহতৰ চিকিৎসা কৰি আছে। ICUৰ A,B,C ব্লকত ১৭ গৰাকী আহত চিকিৎসাধীন হৈ আছে। আহত হোৱা সাতজন লোকৰ অৱস্থা সংকটজনক

ইয়াৰে পাঁচজন মেকানিকেল ভেণ্টিলেটৰ ছাপৰ্টত আছে। তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ পাছত আহত ২০ জন লোকক চিকিৎসালয়খনলৈ অনা হৈছিল। ইয়াৰে তিনিজনৰ ইতিমধ্যে মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন এতিয়াও জে এম চি এইচত ভৰ্তি হৈ আছে।

উক্ত ১৭ জন ৰোগীৰ ভিতৰত সাতজন আই চি ইউত ভৰ্তি হৈ আছে আৰু তেওঁলোকৰ অৱস্থা অতি সংকটজনক। বাকী ১০ জন সাধাৰণ ৱাৰ্ডত আছে।

শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা কাৰ্ডিঅ’থ’ৰাচিক চাৰ্জাৰী আৰু নিউৰ’চাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল আহি আটাইকেইজন ৰোগীকে পৰীক্ষা কৰিছে।

তেওঁ কয় যে মগজুৰ ৰক্তক্ষৰণ (brain haemorrhage) হোৱা ৰোগীসকলক বৰ্তমান অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই যদিও তেওঁলোকক তীক্ষ্ণ নিৰীক্ষণত ৰখা হ’ব।যদি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, তেন্তে আমি তাৰ বাবে সাজু আছোঁ।

জে এম চি এইচৰ অধীক্ষকগৰাকীয়ে নিশ্চিত কৰে যে ১৩ নৱেম্বৰত দুজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে শনিবাৰে পুৱা আন এজন ৰোগীয়ে মৃত্যুক সাৱটি লয়।ইয়াৰ লগে লগে চিকিৎসালয়খনত ভৰ্তি হোৱা আহতসকলৰ ভিতৰত মুঠ মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।

তেওঁ লগতে জনায় যে গুৱাহাটীৰ পৰা অহা চিকিৎসকৰ দলটোৱে নিশাটো জে এম চি এইচতে থাকিব আৰু সন্ধিয়া পুনৰ ৰোগীসকলক পৰীক্ষা কৰিব।

লগতে পঢ়ক: ‘বিশেষভাৱে সম্পন্ন হ’ব ট্ৰেভেলাৰখনৰ চালকৰ মৰণোত্তৰ পৰীক্ষা’;মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

Source link



Source link

Leave A Reply

Your email address will not be published.