Voice of Eastern India

Nimisha Thakuria Death Case: নিমিষা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিক আলীক লক্ষ্য কৰি আৰক্ষীৰ বৃহৎ এক্সন


Nimisha Thakuria Death Case: আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা! নিমিষা কাণ্ডৰ অভিযুক্ত আছিক আলীক এনকাউন্টাৰ।

নিমিষা ঠাকুৰীয়া কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিক আলীক এনকাউন্টাৰ। মঙলবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয় ঘটনাৰ মুখ্য অভিযুক্ততো। আৰক্ষীৰ মতে, ধাৰাপুৰত চলোৱা এক অভিযানৰ সময়ত আছিক আলীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে তেওঁৰ আঁঠুত গুলী কৰে (Nimisha Thakuria Death Case)।

ঘটনাৰ পিছতে আছিক আলীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। উল্লেখ্য, মঙলবাৰেই তেওঁৰ ৮ দিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাৰ কথা আছিল। তেওঁক আদালততো হাজিৰ কৰোৱাৰ কথা আছিল (Nimisha Thakuria Case Guwahati)।

২১ বছৰীয়া নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাত আছিক আলীৰ নাম অভিযুক্ত হিচাপে আছে। যোৱা ২৫ ছেপ্টেম্বৰত গুৱাহাটীৰ এটা হোমষ্টেৰ নিমিষাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

নিমিষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ ছাত্ৰী আছিল। তেওঁ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰৰ বাসিন্দা আছিল।

গুৱাহাটীৰ ‘ৰুদ্ৰাজ কিচেন’ হোমষ্টেৰ পৰা নিমিষাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছতে নিমিষাৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত আৰম্ভ হয়।

লগতে পঢ়ক: Nimisha Thakuria death case: নিমিষা ঠাকুৰীয়া কাণ্ডঃ আদালতত হাজিৰ প্ৰেমিক আছিক আলী

Source link



Source link

Leave A Reply

Your email address will not be published.