এই শেহতীয়া কিস্তিটোৰ জৰিয়তে অসমৰ প্ৰায় ১৮.৬০ লাখ কৃষক পৰিয়াল পোনপটীয়াকৈ উপকৃত হ’ব
সমগ্ৰ দেশৰ লগতে অসমৰ কৃষকসকলৰ বাবে এক ডাঙৰ সুখবৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) ৰ ২৩ সংখ্যক কিস্তিৰ ধন শনিবাৰে হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰা হয় । এই বিশেষ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াযোগে জনোৱা মতে, এই শেহতীয়া কিস্তিটোৰ জৰিয়তে অসমৰ প্ৰায় ১৮.৬০ লাখ কৃষক পৰিয়াল পোনপটীয়াকৈ উপকৃত হ’ব । এই আঁচনিৰ অধীনত ৰাজ্যখনৰ যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে মুঠ ৩৭২ কোটি টকা হস্তান্তৰ কৰা হৈছে ।
ভাৰ্চুৱেলী অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ-
টুইটাৰ (X) যোগে এই গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়-
“জনসাধাৰণৰ বাবে বিভিন্ন আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে ভাৰ্চুৱেলী যোগ দিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ । এই কাৰ্যসূচীৰ অংশ হিচাপে পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তিতো মুকলি কৰা হয়, যাৰ দ্বাৰা অসমৰ ১৮.৬০ লাখ কৃষক ৩৭২ কোটি টকাৰে উপকৃত হ’ব ।”
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই পিএম-কিষাণ আঁচনিয়ে দেশৰ দৰিদ্ৰ তথা মধ্যবিত্ত কৃষক পৰিয়ালসমূহক কৃষি কাৰ্য আৰু ঘৰুৱা খৰচ বহন কৰাত পোনপটীয়া আৰ্থিক সহায় আগবঢ়াই আহিছে । আগন্তুক কৃষি বতৰ আৰম্ভ হোৱাৰ ঠিক আগে আগে লাভ কৰা এই ধনে অসমৰ কৃষকসকলক খেতি-বাতিৰ সামগ্ৰী ক্ৰয় কৰাত যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!
