উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট । ১ কোটি টকাৰ সাহায্য ঘোষণা ।
শেহতীয়া প্ৰলয়ংকৰী বানত বিধ্বস্ত হৈ পৰা উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে প্ৰতিষ্ঠান ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট‘ । প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰা বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰৰিষ্ঠানটো ।
প্ৰতিষ্ঠানটোৱে বানত ক্ষতিগ্ৰস্ত শিক্ষা প্ৰতিষ্ঠানৰ মেৰামতিৰ উদ্দেশ্যে ১ কোটি টকাৰ এক বৃহৎ বিত্তীয় সাহায্য ঘোষণা কৰিছে ।
প্ৰাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (CMD) ৰিণিকি ভূঞা শৰ্মাই এই বিশেষ সাহায্যৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে । তেওঁ জনায় যে অতি সাম্প্ৰতিকভাৱে মুক্তি লাভ কৰা আৰু ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ উপাৰ্জনৰ পৰাই এই ১ কোটি টকাৰ ধনৰাশি বন্যাৰ্তৰ সাহায্যৰ বাবে আগবঢ়োৱা হৈছে ।
এই সাহায্য পুঁজিৰ জৰিয়তে মুখ্যতঃ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত ৫০খন বিদ্যালয়ৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম কৰা হ’ব । বানৰ ফলত বিধ্বস্ত হৈ পৰা শ্ৰেণীকোঠাসমূহ পুনৰ শিক্ষাৰ উপযোগী কৰি তোলাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে ।
লগতে পঢ়ক : বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান
