কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙলৈ এচিয়ানেট আইকন এৱাৰ্ড প্ৰদান
ABKK Kamrupa ধেমাজি ২২ জুলাই ২০২৬: এচিয়ানেট আইকন এৱাৰ্ড সন্মানিত হ’বলৈ পাই মই গভীৰভাৱে কৃতজ্ঞ আৰু আপ্লুত। এই সন্মান আগবঢ়োৱা Star Event-ৰ স্বত্বাধিকাৰী, আয়োজক মণ্ডলী আৰু অনুষ্ঠানটোৰ সৈতে জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই স্বীকৃতি মোৰ বাবে কেৱল এটা বঁটা নহয়, বৰঞ্চ অধিক দায়িত্বশীলভাৱে আৰু নিষ্ঠাৰে আগবাঢ়ি যোৱাৰ এক শক্তিশালী প্ৰেৰণা।লগতে, এই মঞ্চত সন্মান লাভ কৰা সকলো বঁটা প্ৰাপকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। আপোনালোকৰ সফলতা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস।বিশেষকৈ, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী Preeti Jhangiani-ৰ সন্মানীয় হাতৰ পৰা এই বঁটা গ্ৰহণ কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত হৈ ৰ’ল- এই মন্তব্য কৰিছে মিচিং সমাজত জনপ্ৰিয় কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙে। যোৱা ২ জুলাইত গুৱাহাটীৰ সাংস্কৃতিক প্ৰকল্প মাছখোৱাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জাংগিয়ানীয়ে এচিয়ানেট আইকন এৱাৰ্ড জনপ্ৰিয় কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত শিল্পী মনিষা হাজৰিকা, বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, চলচ্চিত্ৰ নিৰ্মাতা প্ৰযোজক মমতা মহিলাৰী, অভিনেত্ৰী সুনীতা কৌশিক, কিংকিনী গোস্বামী, হেলিনা দৈমাৰী, ফেইৰী প্ৰিয়া আহমেদ সুচিকিৎসক ডাঃ মৃগাংক দেউৰী ভৰালী অভিনেতা বুকুল নাৰ্জাৰী ৰাজ চাংমা মডেল কৰিশ্মা হাজৰিকা মমী ডেকা, জনগোষ্ঠীয় নেতা অৰিন্দম প্ৰিন্স পাংগিং, নিৰুপম দাস, কবি সাহিত্যিক ড° মধুমিতা শইকীয়া, ফেশ্বন ডিজাইনাৰ দিপাংকৰ কাশ্যপ, ৰিচা ৰাভা, মেঘনা ৰায় মেধি, কন্টেন্ট ক্ৰীয়েটৰ ভূষণ পাঠক মধুস্মিতা শৰ্মা ৰিপুন-পূজা ইত্যাদিয়ে অংশগ্ৰহণ কৰে। শিল্পী, সংগীতজ্ঞ, পৰিচালক, প্ৰযোজক চিত্ৰনাট্যকাৰ, নৃত্য শিল্পী, সমাজকৰ্মী, সাংবাদিক ইত্যাদিয়ে উপস্থিত থকা উক্ত অনুষ্ঠানত সন্মান লাভ কৰি কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে,
তেখেতসককলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আজি মই যি স্থানত উপনীত হ’ব পাৰিছোঁ, তাৰ আঁৰত অগণন মহান ব্যক্তিৰ নিঃস্বাৰ্থ অৱদান, আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন জড়িত হৈ আছে। কোনোবাই মোক শিক্ষক হিচাপে জ্ঞানৰ পোহৰ দেখুৱাইছে, কোনোবাই গীতিকাৰ হিচাপে সৃষ্টিশীলতাৰ পথ শিকাইছে, আকৌ কোনোবাই প্ৰযোজক, পৰিচালক, শিল্পী, বন্ধু বা শুভাকাঙ্ক্ষী হিচাপে সাহস আৰু সহযোগিতা আগবঢ়াইছে। প্ৰতিজন ব্যক্তিৰ স্নেহ, উৎসাহ আৰু আশীৰ্বাদৰ ঋণ মই চিৰদিন স্বীকাৰ কৰি থাকিম।এই সন্মান কেৱল মোৰ নহয়—মোৰ এই যাত্ৰাৰ প্ৰতিগৰাকী সহযাত্ৰী, শুভাকাঙ্ক্ষী, পৰিয়াল, বন্ধু-বান্ধৱ, সহকৰ্মী আৰু মোৰ শিল্পপ্ৰেমী দৰ্শক-শ্ৰোতাৰ। আপোনালোকৰ মৰম, বিশ্বাস আৰু অবিৰত সমৰ্থন অবিহনে এই সফলতা সম্ভৱ নহ’লহেঁতেন।
সকলোকে হৃদয়ৰ অন্তঃস্থলৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু ভালপোৱাই মোক সদায় নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দি থাকিব বুলিও মনৰ কথা ব্যক্ত কৰিছে কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙে। সৰ্বেশ্বৰ কাৰ্দঙলৈ এচিয়ানেট আইকন এৱাৰ্ড প্ৰদান কৰাত আনন্দিত হৈছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে টিএমপিকেৰ সভাপতি তিলক দলে, মিচিং আৰ্টিষ্ট এচোছিয়েশ্যন (মা)ৰ সমূহ বিষয়-ববীয়াই।
মিচিং কৃষ্টি সংস্কৃতিলৈ বিশেষকৈ অই-নিঃতমৰ জগতত দৰদী কণ্ঠশিল্পী সৰ্বেশ্বৰ কাৰ্দঙে বহু কালজয়ী গীত মাত পৰিৱেশন কৰিছে আৰু মিচিং সংস্কৃতিৰ পথাৰখন উৰ্বৰ কৰি আহিছে।

