Voice of Eastern India

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হওতে সাৱধান


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৬৩ ধাৰা জাৰি কৰিছে কলিয়াবৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ তথা সহ-জিলা আয়ুক্তই। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা হৈছে।

নিৰন্তৰ বৰষুণৰ ফলত বৃদ্ধি পোৱা জলস্তৰ আৰু বাৰিষা কালত বন্যপ্ৰাণীয়ে পথ অতিক্ৰম কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ সহ-জিলা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩-ৰ ধাৰা ১৬৩-ৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছে।

কলিয়াবৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ তথা সহ-জিলা আয়ুক্ত ৰাজ বৰুৱাৰ দ্বাৰা জাৰী কৰা এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, বোকাজানস্থিত পূব অসম বন্যপ্ৰাণী বিভাগৰ ডিভিজনেল ফৰেষ্ট অফিচাৰৰ সতৰ্কবাণী অনুসৰি বানপানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ (পুৰণি এনএইচ-৩৭)-ৰ সম্পূৰ্ণ অংশ প্লাৱিত কৰিব পাৰে। ইয়াৰ ফলত বন্যপ্ৰাণীসমূহে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ উচ্চভূমিৰ ফালে প্ৰব্ৰজন কৰিবলৈ বাধ্য হ’ব। প্ৰশাসনে লগতে লক্ষ্য কৰিছে যে ঘাইপথত ৰাজহুৱা, বাণিজ্যিক আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনৰ অত্যধিক চলাচলৰ ফলত বন্যপ্ৰাণী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

বন্যপ্ৰাণীৰ চলাচল সুৰক্ষিত কৰিবলৈ আৰু ব্যাঘাত কমাবলৈ প্ৰশাসনে ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ বাৰিষা কালছোৱাৰ বাবে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা বাহনসমূহে ৪০ কিমি/ঘণ্টাতকৈ অধিক গতিত চলাচল কৰিব নোৱাৰিব। নিৰ্ধাৰিত বন্যপ্ৰাণী কৰিডৰত পাঁচ বা ততোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কলিয়াবৰ সহ-জিলাৰ অধীনৰ কাজিৰঙাৰ সম্পূৰ্ণ অংশত যান-বাহন ৰখোৱা বা পাৰ্কিং কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ (যান্ত্ৰিক বিজুতিৰ ক্ষেত্ৰত ব্যতিৰেকে)।বন্যপ্ৰাণী কৰিডৰসমূহৰ ভিতৰত নিশা উজ্জ্বল বৈদ্যুতিক লাইটৰ ব্যৱহাৰ, বাহনৰ মিউজিক চিষ্টেমত উচ্চস্বৰে সংগীত বজোৱা আৰু অকাৰণত হৰ্ণ বজোৱা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

এই নিৰ্দেশনাখন BNSS-ৰ ধাৰা ১৬৩(২)-ৰ অধীনত একপক্ষীয়ভাৱে জাৰী কৰা হৈছে আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। অৱশ্যে, আৰক্ষী জোৱান, অৰ্ধসামৰিক বাহিনী, সশস্ত্ৰ বাহিনী, বন বিভাগৰ বিষয়া, নিৰাপত্তাৰক্ষী, গুৰুতৰভাৱে অসুস্থ ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স, চিকিৎসক আৰু জৰুৰীকালীন ডিউটিত থকা পেৰামেডিকেল কৰ্মচাৰীক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

নিৰ্দেশনা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩-ৰ ধাৰা ২২৩ আৰু আইনৰ অন্যান্য প্ৰাসঙ্গিক ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই নিষেধাজ্ঞা ৰাঙলুৰ পৰা বাগৰিলৈকে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫-ৰ ওপৰেদি যোৱা কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰ অংশটোৰ বাবে প্ৰযোজ্য হ’ব।

লগতে পঢ়ক: ধেমাজিৰ বানপানী পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

Source link



Source link

Leave A Reply

Your email address will not be published.