শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ডাউন টাউন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ছানভি দত্ত দাসৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়।
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। ডাউন টাউন হাস্পিতালৰ উদ্যোগত এই গ্ৰন্থ উন্মোচন সভাখন অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানটোত ” Emails from My Grandpa” -part 2 নামৰ এখন গ্রন্থ আৰু স্বাস্থ্য আৰু সামাজিক বিষয়ৰ চাৰিখন জনস্বাৰ্থমূলক পুস্তিকা উন্মোচন কৰা হয়। এই গ্ৰন্থখনৰ লেখিকা হৈছে ডাউন টাউন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ছানভি দত্ত দাস ।
গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী ডঃ সূৰ্য্যকান্ত হাজৰিকাই। এই গ্ৰন্থ উন্মোচনী সভাত ডাউন টাউন গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ এন এন দত্ত, ডাউন টাউন স্কুল অধ্যক্ষ আলফ্ৰেড ফাৰ্ণাদেছ, লেখিকা ছানভি দত্ত দাস প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক: NEET UG 2026: কাউন্সেলিং কেতিয়া? অপেক্ষাৰত লাখ লাখ শিক্ষাৰ্থী
