Voice of Eastern India

বানপীড়িতৰ সহায় নে ধন সংগ্ৰহৰ খেল? CIDয়ে আৰম্ভ কৰিলে বৃহৎ তদন্ত


বান সাহাৰ্যৰ নামত ধন সংগ্ৰহ? এতিয়া CIDৰ স্কেনাৰত সন্দেহজনক একাউণ্ট

বানপীড়িতক সহায় কৰাৰ নামত আপুনি কত ধন পঠিয়াইছে? বান সহাৰ্যৰ নামত নিজৰ পকেট গৰম কৰা সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে অসম আৰক্ষী । এতিয়া এনে প্ৰতিটো সন্দেহজনক লেনদেনৰ ওপৰত চোকা নজৰ ৰাখিছে অসম আৰক্ষীৰ CID-এ । বানৰ সুযোগ লৈ অনিয়মেৰে ধন সংগ্ৰহ কৰাসকলৰ বিৰুদ্ধে আৰম্ভ হৈছে ৰাজ্যজুৰি কঠোৰ এক্সন!

অসম আৰক্ষীৰ অপৰাধ তদন্ত শাখাই (CID) বান পৰিস্থিতিক কেন্দ্ৰ কৰি অনাধীকৃতভাৱে ধন সংগ্ৰহ কৰা ব্যক্তি আৰু গোটসমূহৰ বিৰুদ্ধে ব্যাপক তদন্ত আৰম্ভ কৰিছে। লক্ষ্য একেটাই- ৰাইজে দিয়া সাহায্য যাতে সঠিকভাৱে প্ৰকৃত বানপীড়িত লোকৰ ওচৰলৈহে যায়।

তথ্য অনুসৰি, বান সাহায্যৰ নামত চলি থকা UPI আৰু QR Code জৰিয়তে ধন সংগ্ৰহ কৰা একাউণ্টসমূহ বিশেষভাৱে পৰীক্ষা কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে ডিজিটেল লেনদেন অনুসৰণ কৰি সন্দেহজনক একাউণ্ট আৰু বিত্তীয় কাৰ্যকলাপৰ তথ্য সংগ্ৰহ কৰি আছে।

ইতিমধ্যে বান সাহায্য সংগ্ৰহৰ সৈতে জড়িত প্ৰায় ৪০টা বেংক একাউণ্ট চাইবাৰ চেলৰ পৰ্যবেক্ষণৰ আওতালৈ অনা হৈছে। তদন্ত অব্যাহত আছে আৰু অনিয়মত জড়িতসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতিও চলি আছে।

ইফালে, অসম আৰক্ষীয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰী আৰু কন্টেন্ট ক্ৰিয়েটৰসকলকো বিশেষ সতৰ্কবাণী জাৰি কৰিছে। বানপীড়িত লোক, বিশেষকৈ শিশুৰ ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত অত্যন্ত সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে।

কৰ্তৃপক্ষই স্পষ্টকৈ কৈছে- বানাক্ৰান্ত শিশুৰ পৰিচয় প্ৰকাশ কৰিলে তেওঁলোক চাইবাৰ অপৰাধৰ লক্ষ্য হ’ব পাৰে। এনে ক্ষেত্ৰত প্ৰযোজ্য আইন অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও অসম আৰক্ষীয়ে সকীয়াই দিছে।

লগতে পঢ়ক : পানী কমিছে, কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই!

Source link



Source link

Leave A Reply

Your email address will not be published.