Voice of Eastern India

বিধানসভাত গৃহীত ‘মাজুলী বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ২০২৬’


বিধানসভাত ঐতিহাসিক সিদ্ধান্ত: মাজুলী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

অসম বিধানসভাত আজি ‘মাজুলী বিশ্ববিদ্যালয় (সংশোধানী) বিধেয়ক, ২০২৬’ গৃহীত কৰা হয় । এই বিধেয়কৰ জৰিয়তে পূৰ্বৰ ‘মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়’ক এক বহুমুখী শৈক্ষিক গাঁথনিৰে সামৰি লৈ কেৱল ‘মাজুলী বিশ্ববিদ্যালয়’ হিচাপে ৰূপান্তৰ কৰাৰ পথ প্ৰশস্ত কৰা হৈছে ।

বিধানসভাত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, নতুন সংশোধনীৰ ফলত বিশ্ববিদ্যালয়খনে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰ অব্যাহত ৰখাৰ লগতে কলা, বিজ্ঞান, বাণিজ্য, ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যাৰ দৰে আধুনিক বিষয়সমূহত পাঠ্যক্ৰম আগবঢ়াবলৈ সক্ষম হ’ব । তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ মূল লক্ষ্যৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ ।

ৰাজ্য চৰকাৰৰ মতে, এই শৈক্ষিক সংস্কাৰে প্ৰতিষ্ঠানটোক কেৱল সাংস্কৃতিক অধ্যয়নৰ মাজতে সীমাবদ্ধ নাৰাখি উচ্চ শিক্ষা, আন্তঃবিষয়ক গৱেষণা আৰু উদ্ভাৱনৰ এক বিস্তৃত কেন্দ্ৰ হিচাপে গঢ়ি তুলিব, যিয়ে সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সু-সংহত উচ্চ শিক্ষানুষ্ঠানৰ অভাৱ পূৰণ কৰিব ।

লগতে পঢ়ক : সাক্ষাৎকাৰত কেনেকৈ জয় কৰিব ইংৰাজী কোৱাৰ ভয়?

Source link



Source link

Leave A Reply

Your email address will not be published.