প্ৰচণ্ড বৰষুণৰ পিছতেই এতিয়া মহানগৰীত কৃত্ৰিম বানৰ তাণ্ডৱ। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখতো কৃত্ৰিম বান। ৰাজপথত প্ৰচণ্ড যান-জঁট।
প্ৰচণ্ড বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত ভয়ংকৰ কৃত্ৰিম বান। প্ৰচণ্ড বৰষুণ, কৃত্ৰিম বানত হাহাকাৰ অৱস্থা। দুপৰীয়াৰ পৰাই বিজুলী-ঢেৰেকণিৰে মহানগৰীত প্ৰচণ্ড বৰষুণৰ তাণ্ডৱ। বৰষুণৰ পিছতেই এতিয়া মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে (Guwahati Artificial Flood)।
যোৰাবাটতো ভয়াৱহ বান পৰিস্থিতি। যোৰাবাটৰ লগতে হাতীগাঁও, চানমাৰী, গুৱাহাটী ক্লাব, আমবাৰী, ভেটাপাৰাও কৃত্ৰিম বানৰ কবলত। ধাৰাষাৰ বৰষুণৰ ফলত সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখতো পুনৰ কৃত্ৰিম বান সৃষ্টি হৈছে (Guwahati Heavy Rain)।
কৃত্ৰিম বানত ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। নিশাৰ ভাগলৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকাই দেখা দিছে। ইফালে বতৰ বিজ্ঞান বিভাগে বিজুলী-ঢেৰেকনিৰ সৈতে গুৱাহাটী মহানগৰী আৰু উপকণ্ট অঞ্চলৰ বাবে মজলীয়াৰ প্ৰৱল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে।
বতৰৰ পৰিস্থিতিলৈ চাই জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ অনুৰোধ জনোৱা হৈছে। আগন্তক ৫ দিনলৈ অধিক ভয়াৱহ হৈ পৰিব পাৰে বতৰৰ পৰিস্থিতি।
লগতে পঢ়ক: মহানগৰীত প্ৰচণ্ড বৰষুণ, দিনতেই অন্ধকাৰছন্ন পৰিৱেশ
