Voice of Eastern India

মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি


উজনি অসমত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীৰ প্ৰচণ্ড সোঁত আৰু জলমগ্ন অঞ্চল বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনত ক্ষয়-ক্ষতি আৰু মৃতকৰ সংখ্যা দ্ৰুতগতিৰে বৃদ্ধি পাইছে। 

আজিও অপৰিৱৰ্তিত অৱস্থাত আছে উজনি অসমৰ বান পৰিস্থিতি। দিনে দিনে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত অব্যাহত থকা বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে, আনহাতে এই দুৰ্যোগৰ ফলত ৭.৫ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈয়েই আছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত শেহতীয়া তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৬২ জন। বিদেহী আত্মাসমূহে চিৰশান্তি লাভ কৰক।”

শেহতীয়া চৰকাৰী মূল্যাংকন অনুসৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, হোজাই, নগাঁও, কামৰূপ (মহানগৰ), কাৰ্বি আংলং, বিশ্বনাথ, ধেমাজি আৰু শোণিতপুৰ আটাইতকৈ বেছি প্ৰভাৱিত জিলাসমূহৰ ভিতৰত অন্যতম। বানৰ পানীয়ে ৫৬,৬০৬.৭৭ হেক্টৰ কৃষিভূমি প্লাবিত কৰিছে, যাৰ ফলত ফচলৰ ব্যপক ক্ষতি হৈছে আৰু ৰাজ্যজুৰি হাজাৰ হাজাৰ কৃষক প্ৰভাৱিত হৈছে।

বানৰ বৰ্তমানৰ শিৱসাগৰত ছজন, চৰাইদেউত সাতজন আৰু যোৰহাটত এজনকৈ ধৰি ১৪ জন লোকৰ বানৰ ফলত মৃত্যুৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: ‘নাগালেণ্ডৰ ৫০০ শতাংশ অতিৰিক্ত বৰষুণে বিপদ ঘণ্টা মাতিছে’; মুখ্যমন্ত্ৰী

Source link



Source link

Leave A Reply

Your email address will not be published.