চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব উদ্বোধনী অসম প্ৰিমিয়াৰ লীগ, য’ত ৮টা দলে ৪৩খন খেলত প্ৰতিদ্বন্দ্বিতা কৰিব।
অসম প্ৰিমিয়াৰ লীগ (APL)-ৰ প্ৰথমটো ছিজন ২০২৬ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হ’বলৈ সাজু হৈছে।২৩ দিনীয়া ক্ৰিকেটৰ এই খেলখনৰ প্ৰথমটো ছিজনৰ চেম্পিয়ন খিতাপ দখলৰ বাবে আঠটা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
চৰকাৰী সময়সূচী অনুসৰি, লীগখনত ৪০ খন লীগ-পৰ্যায়ৰ খেল, দুখন চেমিফাইনেল আৰু গ্ৰেণ্ড ফাইনেলকে ধৰি মুঠ ৪৩ খন মেচ অনুষ্ঠিত হ’ব। ২৩ আগষ্টত সন্ধ্যা ৭:০০ বজাত ফাইনেল খেলখনৰ জৰিয়তে প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।
উদ্বোধনী দিনটোত দুখনকৈ মেচ অনুষ্ঠিত হ’ব। য’ত দুপৰীয়া ২:০০ বজাত চৰাইদেউ ছানৰাইজাৰ্ছৰ বৰপেটা ব্ৰেভছৰ মুখামুখি হ’ব আৰু তাৰ পিছতে সন্ধ্যা ৭:০০ বজাত তেজপুৰ টাইটানছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উদ্বোধনী সপ্তাহৰ বাকী খেলসমূহ ২ আগষ্টত অনুষ্ঠিত হ’ব,য’ত বৰাক লেজেণ্ডছে নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে খেলিব আৰু গুৱাহাটী ৰয়েলছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব।
লীগ পৰ্যায়ত প্ৰতিটো দলে আনটো দলৰ বিৰুদ্ধে এবাৰকৈ খেলাৰ উপৰিও তিনিখন ‘ৰিভাৰ্ছ ফিক্সচাৰ’ খেলিব, যিয়ে সমগ্ৰ ছিজনটোত কেইবাটাও প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি কৰিব। লীগ পৰ্যায়ৰ অন্তত শীৰ্ষ চাৰিটা দলে ২১ আগষ্টত হ’বলগীয়া চেমিফাইনেললৈ অৰ্হতা অর্জন কৰিব।
এপিএলে (APL) অসমৰ বিভিন্ন অঞ্চলক প্ৰতিনিধিত্ব কৰা আঠটা দলক সামৰি লৈছে। এই দলকেইটা হৈছে— চৰাইদেউ ছানৰাইজাৰ্ছ, বৰপেটা ব্ৰেভছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, বৰাক লেজেণ্ডছ, নগাঁও ৰেঞ্জাৰ্ছ, গুৱাহাটী ৰয়েলছ আৰু যোৰহাট ষ্টেলিয়নছ।
২৩ দিনীয়া এই প্ৰতিযোগিতাখনে উদীয়মান ক্ৰিকেটাৰসকলক ৰাজ্যজুৰি এক মঞ্চ প্ৰদান কৰাৰ লগতে নতুন প্ৰতিদ্বন্দ্বিতাৰো সূচনা কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: কমনৱেলথ গেমছৰ পৰা দেশবাসীৰ বাবে প্ৰথমটো ভাল খবৰ; পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ
