Voice of Eastern India

১৬ কোটি টকাৰ বান সাহাৰ্য লৈ উজনিলৈ বিজেপিৰ প্ৰতিনিধি দল


উজনিৰ বানাক্ৰান্তৰ ৰাজ্যিক বিজেপি । প্ৰায় ১৬ কোটি টকাৰ সাহাৰ্য বন্যাৰ্তৰ মাজত বিতৰণ কৰিব দলটোৱে ।

উজনিৰ তিনি জিলাত বানে চলোৱা ধ্বংসলীলাত সকলো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে বন্যাৰ্ত । সংহাৰী বানে চলোৱা তাণ্ডৱত সকলো হেৰুৱাই এতিয়া আৰ্তনাদ কৰিছে বানাক্ৰান্তই । বান পৰিস্থিতি শেহতীয়াকৈ কিছু উন্নত হৈছে যদিও শেষ হোৱা নাই বন্যাৰ্তৰ দুদৰ্শা । এই অন্তহীন দুখৰ মাজতে বানাক্ৰান্তৰ কাষত থিয় দিছে হৃদয়ৱান অলেখজন । সকলোৱে সাধ্যনুসাৰে বানাক্ৰান্তলৈ আগবঢ়াইছে সাহাৰ্য ।

ইয়াৰ মাজতে অসম ৰাজ্যিক বিজেপিয়েও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । দুদৰ্শাগ্ৰস্ত বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যিক বিজেপি১, ২ কোটি নহয়, বিজেপিয়ে ১৬ কোটি টকাৰ বান সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে ।

মঙলবাৰে অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰা অনুসৰি কাইলৈ ১৬ কোটি টকাৰ বান সাহাৰ্য লৈ উজনিলৈ ৰাওনা হ’ব বিজেপিৰ প্ৰতিনিধি দল চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ বানপীড়িতক সাহাৰ্য প্ৰদান কৰিব বিজেপিয়ে । দলটোৱে কাপোৰ-কানি, শিশু খাদ্য, খাদ্য সামগ্ৰী, পশু খাদ্য প্ৰদান কৰিব বন্যাৰ্তক ।

ইতিমধ্যে বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰায় ১৬ কোটি টকাৰ সাহাৰ্য সংগ্ৰহ কৰিছে বুলি উল্লেখ কৰে তেওঁ । বাজপেয়ী ভৱনত পূৰ্ণগতিত চলিছে বানপীড়িত ৰাইজৰ সাহাৰ্যৰ কাম

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি-

-বন্যাৰ্তৰ বাবে ১ লাখ ৭০ হাজাৰ যোৰ চাদৰ-মেখেলা প্ৰেৰণ কৰা হ’ব ।

-১ লাখ ৭০ হাজাৰ টী চাৰ্ট বন্যাৰ্তৰ বাবে প্ৰেৰণ কৰা হ’ব ।

-লগতে বানাক্ৰান্তলৈ ডেৰলাখ আঠুৱাও প্ৰেৰণ কৰা হ’ব

লগতে পঢ়ক : উজনিৰ বানপীড়িত বাবে ডাঙৰ পদক্ষেপ, ১২৬ গৰাকী বিধায়কে আগবঢ়াব এমাহৰ দৰমহা

Source link



Source link

Leave A Reply

Your email address will not be published.