গুৱাহাটীৰ বতৰক লৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী । আগন্তুক ২৪ ঘন্টাত বতৰে ল’ব পাৰে কালৰূপ ।
গুৱাহাটীৰ বতৰক লৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰী কৰিছে গুৰুত্বপূৰ্ণ সতৰ্কবাণী । অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত বজ্ৰপাত, বিজুলী-ধেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে কেন্দ্ৰই (Guwahati Weather)।
গুৱাহাটীত বজ্ৰপাত-ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
১৬ আগষ্টৰ পৰা ১৭ আগষ্টৰ পুৱা ৮:৩০ বজালৈ বলৱৎ থাকিব এই সতৰ্কবাণী। আগজাননী অনুসৰি এই সময়ছোৱাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ লগতে বিজুলী-ধেৰেকণিৰ সম্ভাৱনা আছে।
২৪ ঘণ্টাত ৬ ছেমি পৰ্যন্ত বৰষুণ হ’ব পাৰে। কিছুমান স্থানত ৭ৰ পৰা ১১ ছেমি পৰ্যন্ত প্ৰবল বৰষুণৰ সম্ভাৱনাও আছে (Guwahati Weather Alert)।
কৃত্ৰিম বান-ভূমিস্খলনৰ আশংকা
প্ৰবল বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হ’ব পাৰে। ফলত যান-বাহন চলাচল ব্যাহত হোৱাৰ লগতে যাত্ৰাৰ সময় বৃদ্ধি পাব পাৰে।
IMDয়ে দৃশ্যমানতা হ্ৰাস, বিদ্যুৎ আৰু পৌৰসেৱাত ব্যাঘাতৰ সম্ভাৱনাৰ লগতে গছ উভলি পৰা আৰু সংবেদনশীল পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকাৰ কথাও উল্লেখ কৰিছে (Guwahati Rain)।
বতৰ বিজ্ঞান বিভাগে নাগৰিকসকলক বতৰৰ শেহতীয়া তথ্য নিৰীক্ষণ কৰিবলৈ, পানী জমা হোৱা অঞ্চল আৰু ভূমিস্খলনপ্ৰৱণ পথ এৰাই চলিবলৈ আৰু ধুমুহা-বৰষুণৰ সময়ত সুৰক্ষিত স্থানত থাকিবলৈ পৰামৰ্শ দিছে।
লগতে পঢ়ক : এজাক বৰষুণতে গুৱাহাটীত আতংক! গীতানগৰত ভূমিস্খলনৰ ঘটনা
