গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়ালৈ প্ৰেৰণ কৰা এক যুটীয়া স্মাৰকপত্ৰত এই অৱসৰপ্ৰাপ্ত আমোলা কেইগৰাকীয়ে কয় যে বৰ্তমান বিমানবন্দৰটোৰ নতুন টাৰ্মিনেল ২-ত কেৱল ইংৰাজী আৰু হিন্দী ভাষাতহে গুৰুত্বপূৰ্ণ ঘোষণাসমূহ কৰা হৈছে
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজহুৱা ঘোষণাসমূহৰ পৰা অসমীয়া ভাষাক বাদ দিয়া কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আমোলাই । অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে বিমানবন্দৰ কৰ্তৃপক্ষক সকলো ধৰণৰ ৰাজহুৱা ঘোষণাত জৰুৰীভাৱে অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ।
২৬ জুন তাৰিখে গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়ালৈ প্ৰেৰণ কৰা এক যুটীয়া স্মাৰকপত্ৰত এই অৱসৰপ্ৰাপ্ত আমোলা কেইগৰাকীয়ে কয় যে বৰ্তমান বিমানবন্দৰটোৰ নতুন ‘টাৰ্মিনেল ২’-ত কেৱল ইংৰাজী আৰু হিন্দী ভাষাতহে গুৰুত্বপূৰ্ণ ঘোষণাসমূহ কৰা হৈছে । অসমৰ প্ৰধান আঞ্চলিক ভাষা তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা স্বৰূপ অসমীয়াক ইয়াত সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে ।
অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশনা উলংঘনৰ অভিযোগ
স্বাক্ষৰকাৰীসকলে আঙুলিয়াই দিয়ে যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ স্পষ্ট নিৰ্দেশনা আৰু পৰামৰ্শ আছে যে দেশৰ বিমানবন্দৰসমূহত হিন্দী আৰু ইংৰাজীৰ সমান্তৰালভাৱে স্থানীয় বা আঞ্চলিক ভাষাক বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিব লাগে । বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষই অসমীয়া ভাষাক বাদ দি এই চৰকাৰী নিয়ম পোনপটীয়াকৈ উলংঘন কৰিছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক ।
সুৰক্ষা আৰু যাত্ৰীৰ সুবিধাৰ প্ৰশ্ন
স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, এইয়া কেৱল এক ভাষিক অধিকাৰৰ প্ৰশ্ন নহয়, বৰঞ্চ ইয়াৰ সৈতে যাত্ৰীৰ সুবিধা আৰু জনসাধাৰণৰ সুৰক্ষাও জড়িত হৈ আছে ।
“যদি কোনো জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে টাৰ্মিনেল বা বিমানৰ ভিতৰত থকা যাত্ৰীসকলৰ বাবে স্থানীয় ভাষাত স্পষ্ট নিৰ্দেশনা দিয়াটো অতি আৱশ্যক । যাতে সকলো স্তৰৰ যাত্ৰীয়ে পৰিস্থিতিটো পলম নকৰাকৈ বুজি উঠিব পাৰে আৰু সাৱধানতা অৱলম্বন কৰিব পাৰে ।”- স্মাৰকপত্ৰত উল্লেখ ।
প্ৰাক্তন জ্যেষ্ঠ বিষয়াসকলে সকীয়াই দিয়ে যে সংকটপূৰ্ণ সময়ত আঞ্চলিক ভাষা ব্যৱহাৰ নকৰিলে যোগাযোগহীনতা বা ভুল বুজাবুজিৰ বাবে যাত্ৰীসকল বিপাঙত পৰিব পাৰে আৰু ইয়াৰ ফলত ডাঙৰ দুৰ্ঘটনা বা বিপৰ্যয়ৰো সৃষ্টি হ’ব পাৰে ।
এই স্পৰ্শকাতৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি বৰঝাৰ বিমানবন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মীয়াকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ মুখ্য বিমানবন্দৰ বিষয়াক স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনোৱা হৈছে ।
লগতে পঢ়ক : গুৱাহাটীৰ ৩৬৬ টা স্থানক লৈ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী
