মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াক সংগ প্ৰদান কৰি লোক নিৰ্মাণ বিভাগ তথা অন্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপস্থিতিত প্ৰতিটো দিশ পৰ্যালোচনা কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে, যাতে মুকলি মঞ্চ তথা অন্য প্ৰয়োজনীয় কামসমূহো শীঘ্ৰে আৰম্ভ কৰিব পৰা যায়। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নৰ স্থান জুবিন ক্ষেত্ৰ সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তোলাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ।

