Voice of Eastern India

নগালেণ্ডৰ ডাৱৰ বিস্ফোৰণ: উপগ্ৰহভিত্তিক অধ্যয়ন চলাব অসম চৰকাৰে


নগালেণ্ডত ডাৱৰ বিস্ফোৰণ: ছেটেলাইটৰ সহায়ত ৰহস্য ফাদিল কৰিব অসম চৰকাৰে

নগালেণ্ডৰ মন জিলাত সংঘটিত ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ পিছত অসমলৈ অহা অস্বাভাৱিক পানীৰ ধলৰ প্ৰকৃত কাৰণ নিৰূপণ কৰিবলৈ ৰাজ্য চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২২ জুলাইত ঘোষণা কৰে যে বান পৰিস্থিতি উন্নত হোৱাৰ পিছতে চৰকাৰে উপগ্ৰহভিত্তিক এক বিশদ মূল্যায়ন সম্পন্ন কৰিব ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে নগালেণ্ড চৰকাৰে অসমক ইতিমধ্যে ডাৱৰ বিস্ফোৰণৰ সন্দৰ্ভত অৱগত কৰিছে । ঘটনাটো কেৱল সাময়িক আছিল নে ভৱিষ্যতেও ইয়াৰ পুনৰাবৃত্তি হ’ব পাৰে, সেই সমগ্ৰ বিষয়টো স্পষ্ট হ’বলৈ উপগ্ৰহীয় মানচিত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে ।

সামাজিক মাধ্যম ‘এক্স’ (X)-ৰ এটা পোষ্ট যোগেও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে মন জিলাৰ এই উপগ্ৰহীয় ছবিয়ে ঘটনাৰ ধাৰাবাহিকতা বুজাত সহায় কৰিব । ইয়াৰ জৰিয়তে নামনি অসমৰ সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষাৰ বাবে দীৰ্ঘম্যাদী বান প্ৰশমন তথা দুৰ্যোগ প্ৰস্তুতিৰ নতুন কৌশল প্ৰস্তুত কৰা হ’ব, যাতে চুবুৰীয়া ৰাজ্যৰ আকস্মিক পানীৰ ধলৰ পৰা অসমক ৰক্ষা কৰিব পৰা যায় ।

লগতে পঢ়ক : “ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ সকলো ব্যৱস্থা কৰা হ’ব”; বন্যাৰ্তক আশ্বাস মুখ্যমন্ত্ৰীৰ

Source link





Source link

Leave A Reply

Your email address will not be published.