Voice of Eastern India

“প্ৰশ্নকাকত ফাদিলক ৰাহুল গান্ধীয়ে নাটকলৈ…”; ৰণোজ পেগু


অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ২৩ জুলাইত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক NEET প্ৰশ্নকাকত ফাদিল বিতৰ্কক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২৩ জুলাইত বিৰোধী দলপতি ৰাহুল গান্ধীক NEET প্ৰশ্নকাকাত ফাদিল বিতৰ্কটোক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে কাৰ্যবাহী সংস্কাৰসমূহ সমৰ্থন কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতাজনে শিক্ষাৰ্থীসকলৰ ক্ষোভক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে।

গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ডাঃ ৰণোজ পেগুৱে  NEET প্ৰশ্নকাকাত ফাদিলক এটা “অত্যন্ত দুৰ্ভাগ্যজনক, গভীৰ উদ্বিগ্নতামূলক আৰু অত্যন্ত সংবেদনশীল” ঘটনা বুলি বৰ্ণনা কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰতাৰে পদক্ষেপ লৈ ইয়াৰ সৈতে জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ সুনিশ্চিত কৰিছে।

কেন্দ্ৰ চৰকাৰৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ প্ৰশ্নকাকাত ফাদিল সংক্ৰান্তীয় গোচৰসমূহৰ দ্ৰুত বিচাৰৰ বাবে ‘ফাষ্ট-ট্ৰেক’ আদালত স্থাপনৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে দোষী সাব্যস্ত হোৱাসকলক দ্ৰুত ন্যায় আৰু কঠোৰতম শাস্তি সুনিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। ই শিক্ষাৰ্থীসকলৰ কল্যাণৰ প্ৰতি তেওঁৰ গভীৰ চিন্তা আৰু অটল প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰে।  

ৰাহুল গান্ধীক সমালোচনা কৰি ৰণোজ পেগুৱে অভিযোগ কৰে যে বাৰম্বাৰ নিৰ্বাচনী পৰাজয়ৰ মুখ দেখা দলটোক পুনৰুজ্জীৱিত কৰিবলৈ কংগ্ৰেছ নেতাজনে এই বিষয়টোৰ পৰা ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰিছে।

তেওঁ কয়, “এই সময় ৰাজনৈতিক নাটকত লিপ্ত হোৱাৰ সময় নহয়। এইয়া শিক্ষাৰ্থীসকলৰ প্ৰকৃত চিন্তাসমূহ সমাধান কৰাৰ সময়। শিক্ষাৰ্থীসকলৰ উদ্বেগক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো অনুচিত আৰু দায়িত্বজ্ঞানহীন।”

শিক্ষামন্ত্ৰী গৰাকীয়ে দাবী কৰে যে বিজেপি আৰু ইয়াৰ এনডিএ (NDA) মিত্ৰজোঁটে সংসদত NEET বিতৰ্কৰ ওপৰত এক বিস্তৃত আলোচনাৰ বাবে সাজু হৈছিল, কিন্তু কংগ্ৰেছ আৰু ইয়াৰ ‘ইণ্ডিয়া’ (INDIA) প্ৰতিৰোধী মিত্ৰজোঁটৰ সহযোগীসকলে আলোচনা কৰাৰ পৰিৱৰ্তে সংসদৰ কাৰ্যসূচী ব্যাহত কৰাটোহে বাছি ল’লে।

ৰণোজ পেগুৱে যুক্তি দিয়ে যে প্ৰশ্নকাকাত ফাদিল হোৱাটো এটা দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় প্ৰত্যাহ্বান, যিটোক ৰাজনৈতিক সংঘাততকৈ ব্যৱস্থাগত সংস্কাৰৰহে প্ৰয়োজন।শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰাতিষ্ঠানিক সংস্কাৰ আৰু সামূহিক সহযোগিতাৰ প্ৰয়োজন। এনে প্ৰত্যাহ্বানসমূহ বাধা আৰু ৰাজনৈতিক সুযোগসন্ধানীৰ দ্বাৰা সমাধান কৰিব নোৱাৰি।

ইয়াৰ উপৰিও ৰণোজ পেগুৱে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহ শাসিত ৰাজ্যসমূহত সংঘটিত হোৱা প্ৰশ্নকাকাত ফাদিলৰ ঘটনাসমূহক লৈ ৰাহুল গান্ধীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভবনৰ বাহিৰত ৰাহুল গান্ধীয়ে কৰা শেহতীয়া প্ৰতিবাদক সমালোচনা কৰি ইয়াক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মৰ্যদা ক্ষুণ্ণ কৰা এক “অপ্ৰীতিকৰ দৃশ্য” বুলি আখ্যা দিয়ে।

তেওঁ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে শিক্ষা খণ্ডত কৰা বিনিয়োগৰ কথা উল্লেখ কৰি দাবী কৰে যে শিক্ষা বাজেট ইউপিএ (UPA) চৰকাৰৰ দিনৰ ৮,২২৫ কোটি টকাৰ পৰা মোদী চৰকাৰৰ দিনত প্ৰায় ১.৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে বুলিও কয়।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

Source link



Source link

Leave A Reply

Your email address will not be published.