বন সংৰক্ষণৰ ক্ষেত্ৰত ডাঙৰ সফলতা! অসমত ৪০৩.৬২ বৰ্গ কিঃমিঃ বনাঞ্চল সংযোজন
অসমে সংৰক্ষিত বনাঞ্চলৰ পৰিসৰ ৪০৩.৬২ কিলোমিটাৰ বৃদ্ধি কৰিছে। মঙলবাৰে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।
সংৰক্ষণৰ ক্ষেত্ৰত এই পদক্ষেপক এক অভূতপূৰ্ব সম্প্ৰসাৰণ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, নতুনকৈ সংযোজিত অঞ্চলটোৰ আয়তন প্ৰায় জয়পুৰ চহৰৰ সমান (Protected Forest Network Assam)।
৪০৩.৬২ বৰ্গ কিলোমিটাৰৰ এই সংযোজন ভাৰতত সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰত হোৱা সৰ্ববৃহৎ সম্প্ৰসাৰণ বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ পোষ্টত উল্লেখ কৰে। এই পদক্ষেপৰ লক্ষ্য অসমৰ সংৰক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰা আৰু ৰাজ্যৰ সংৰক্ষিত এলেকা নেটৱৰ্ক অধিক বিস্তৃত কৰা বুলিও উল্লেখ কৰে তেওঁ (Green Expansion Assam)।
আনহাতে কাজিৰঙা অঞ্চলৰ ওপৰতো এই সম্প্ৰসাৰণৰ প্ৰভাৱৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ নতুনকৈ সংযোজিত অঞ্চলটোৱে অধিক সংলগ্ন সংৰক্ষণ এলেকা গঢ়ি তোলাত সহায় কৰিব বুলিও উল্লেখ কৰে।
লগতে পঢ়ক : সলনি নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাঃ মন্ত্ৰী পীযুষ হাজৰীকা
