Voice of Eastern India

বানাক্ৰান্তলৈ সকাহ! বিদ্যুৎ বিল মাফৰ পৰা খাজানা ৰেহালৈ মুখ্যমন্ত্ৰীৰ একাধিক ঘোষণা


৩০০ ইউনিটলৈ বিদ্যুৎ বিল মাফ! বানাক্ৰান্তলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

বানত ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ পৰিয়ালৰ বাবে শনিবাৰে একেৰাহে কেইবাটাও ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুৎ বিল ৰেহাই, নগদ সাহায্য, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, মাটিৰ খাজানা মাফ- একে দিনতে বহু সকাহৰ খবৰ দিলে ৰাজ্য চৰকাৰে।

ফেচবুক লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকল ঘৰুৱা বিদ্যুৎ গ্ৰাহকে জুলাই মাহত ৩০০ ইউনিটলৈকে বিদ্যুৎ ব্যৱহাৰ কৰিছে, তেওঁলোকক বিদ্যুৎ মাচুল দিব নালাগে। এই খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বহন কৰা হ’ব। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ একাউণ্ট চৰকাৰে ৰিচাৰ্জ কৰি দিব, আনহাতে প’ষ্ট-পেইড গ্ৰাহকৰ জুলাই মাহৰ বিলো চৰকাৰেই পৰিশোধ কৰিব। অৱশ্যে ৩০০ ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে নিয়মমতে বিল পৰিশোধ কৰিব লাগিব।

ইয়াৰ লগতে ৩ আগষ্টৰ পৰা যোগ্য বানাক্ৰান্ত পৰিয়ালৰ বেংক একাউণ্টত ১৫,০০০ টকাকৈ সাহায্য জমা হ’ব। এই সুবিধা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৮৫ হাজাৰৰো অধিক হিতাধিকাৰীয়ে লাভ কৰাৰ সম্ভাৱনা আছে।

বানৰ বাবে পঢ়াশুনাত ব্যাঘাত নজন্মে বুলি নিশ্চিত কৰিবলৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীক দুযোৰকৈ স্কুলীয়া ইউনিফৰ্ম আৰু বিনামূলীয়া বহী দিয়া হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইউনিফৰ্ম ক্ৰয়ৰ বাবে চৰকাৰে ৭.৬২ কোটি টকা মঞ্জুৰ কৰিছে।

আন এক ডাঙৰ ঘোষণাত মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাসিন্দাসকলক চলিত বিত্তীয় বৰ্ষৰ মাটিৰ খাজানা পৰিশোধ কৰিব নালাগে । ইয়াৰ উপৰিও যিসকল পৰিয়াল এতিয়াও গৃহহীন হৈ আছে, তেওঁলোকক ১০ আগষ্টৰ পৰা ১০,০০০ টকাকৈ অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব।

ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ মেৰামতিৰ বাবেও চৰকাৰে অনুদান আগবঢ়াব। নামঘৰৰ বাবে ১.৫ লাখ টকা, আনহাতে ক্ষতিৰ পৰিমাণ অনুসৰি অংগনবাড়ী কেন্দ্ৰসমূহৰ বাবে ২ লাখৰ পৰা ২.৫ লাখ টকালৈকে সহায় আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে ৰাজ্যৰ বান পৰিস্থিতি ধীৰে ধীৰে উন্নতি হৈছে। তথাপিও স্বাভাৱিক অৱস্থা সম্পূৰ্ণ ঘূৰি নাহালৈকে চৰকাৰে পুনৰসংস্থাপন আৰু সাহায্যৰ কাম অব্যাহত ৰাখিব।

লগতে পঢ়ক : অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; চৰকাৰৰ নতুন ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.