Voice of Eastern India

বানে বিধ্বস্ত কৰা শিৱসাগৰত আজিৰে পৰা খুলিছে বিদ্যালয়


বানে বিধ্বস্ত কৰি পেলোৱা শিৱসাগৰ, চৰাইদেউ জিলাত আজিৰে পৰা আৰম্ভ হ’ল পাঠদান। বানত বিধ্বস্ত বিদ্যালয়সমূহৰ বাদে সকলো বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ’ল পাঠদান।

আজিৰে পৰা শিৱসাগৰত বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰশাসনৰ। বানত বিধ্বস্ত বিদ্যালয়সমূহৰ বাদে সকলো বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ’ল পাঠদান। অৱশ্যে  বান সাহায্যৰ শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয়ৰ ক্ষেত্ৰত থাকিব ৰেহাই।যদিও বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে যদিও বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব।বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰাপদ নহ’লে বিভাগক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি ৯০% ছাত্ৰ-ছাত্ৰী উপস্থিতি নোহোৱালৈকে নতুন পাঠ্যক্ৰমৰ সলনি পূৰ্বৰ পাঠ্যক্ৰম পঢ়োৱা হ’ব। আৰু বানত যদি কোনো শিক্ষকৰ ঘৰ বিধ্বস্ত হৈছে তেনেহলে ফটোসহ বিভাগক জনাব লাগিব।বিদ্যালয়ৰ পৰিৱেশ নিৰাপদ নহ’লে শিক্ষা বিষয়াক তৎক্ষণাত জনাব লাগিব। BEEO আৰু CRCC-য়ে বিদ্যালয়সমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰি স্বাস্থ্য-সুৰক্ষাৰ ওপৰত নজৰ ৰাখিব লাগিব। শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক DEEO ড° সমীৰণ বৰাই জাৰি কৰিছে এই নিৰ্দেশনা।

লগতে পঢ়ক: পুৱাই ৰ’দৰ ৰুদ্ৰ ৰূপ! পুৱাৰে পৰা অসহ্য গৰমত অতিষ্ঠ মহানগৰবাসী

Source link



Source link

Leave A Reply

Your email address will not be published.