Voice of Eastern India

‘বিশেষভাৱে সম্পন্ন হ’ব ট্ৰেভেলাৰখনৰ চালকৰ মৰণোত্তৰ পৰীক্ষা’;মুখ্যমন্ত্ৰীৰ নিৰ্দেশ


কাজিৰঙাৰ ৰঙাজানত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ট্ৰেভেলাৰখনৰ চালকৰ মৰণোত্তৰ পৰীক্ষা বিশেষভাৱে সম্পন্ন কৰা হ’ব।

 অভিশপ্ত ৰঙাজান শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাজিৰঙাৰ ৰঙাজানৰ সমীপত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাটোৰ ফুটেজত দেখা গৈছে যে ট্ৰেভেলাৰ খনে হঠাৎ দিশ সলনি কৰি কণ্টেইনাৰ খনৰ সন্মুখলৈ আহিছিল।

এই দুৰ্ঘটনাটোত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে। আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (JMCH) ত  চিকিৎসাধীন অৱস্থাত আছে।  

পোহৰলৈ অহা ফুটেজৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ট্ৰেভেলাৰখনে হঠাৎ দিশ সলনি কৰি কণ্টেইনাৰ খনৰ ফালে যোৱাৰ আগমুহূৰ্তলৈকে পথটো পৰিষ্কাৰ আছিল।ট্ৰেভেলাৰখনৰ সন্মখত আন বাহন দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তদন্তকাৰীসকলে দুৰ্ঘটনাটোৰ দুটা সম্ভাৱ্য কাৰণ পৰীক্ষা কৰি আছে। এটা হৈছে চালকজনে সুৰাপান কৰি আছিল নেকি আৰু আনটো হৈছে তেওঁৰ ষ্ট্ৰোক হৈছিল নেকি।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ তদন্তৰ জৰিয়তেহে নিৰ্ণয় কৰিব লাগিব। চালকজন কোনো জৰুৰীকালীন চিকিৎসাৰ সন্মুখীন হৈছিল নেকি সেয়া জানিবলৈ তেওঁৰ মৰণোত্তৰ পৰীক্ষাও গুৰুত্বপূৰ্ণ হ’ব।

তেওঁ আৰু কয় যে চালকজনে সদায় সেই পথৰেই বাহনখন চলাই গতিকে কাজিৰঙা অঞ্চলৰ যান-বাহনৰ নীতি-নিয়মৰ বিষয়ে তেওঁ অৱগত থকা উচিত আছিল। কাৰণ এই পথছোৱাত গতিবেগৰ সীমা ঘণ্টাত ৪০ কিলোমিটাৰ হে।

অধিক উপাৰ্জন কৰিবলৈ বাহনৰ মালিকসকলে চালকসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ অভিযোগক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে, যাৰ ফলত যান-বাহন আইন উলংঘা হোৱাৰ সম্ভাৱনা থাকে।

আনহাতে যান-বাহন নিয়মৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২০২২-২৩ বৰ্ষত যান-বাহনৰ পৰিস্থিতি তুলনামূলকভাৱে নিয়ন্ত্ৰণত আছিল, কিন্তু শেহতীয়াকৈ পথ দুৰ্ঘটনা বৃদ্ধি পাইছে, যিয়ে অধিক কঠোৰ আইন প্ৰয়োগৰ প্ৰয়োজনীয়তাকে সূচায়। অধিক দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে যান-বাহনৰ নিয়মসমূহ কঠোৰ কৰিব লাগিব।

লগতে পঢ়ক: ৰঙাজানৰ দুৰ্ঘটনাৰ নিকটাত্মীয়লৈ সৰ্বমুঠ ৯ লাখ টকাৰ সাহায্য; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.