কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’-চেনছিটিভ জ’ন পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱক লৈ চলি থকা আলোচনাৰ মাজতে মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰতিক্ৰিয়া
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’-চেনছিটিভ জ’ন পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱক লৈ চলি থকা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাৰ কোনো পৰিৱৰ্তন কৰা নহয় বুলি স্পষ্ট কৰি দিছে (Kaziranga ESZ)।
প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ কাজিৰঙাৰ বাহিৰৰ অঞ্চলসমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব বুলি সামাজিক মাধ্যমত মন্ত্ৰী হাজৰীকাই প্ৰকাশ কৰে। স্থানীয় লোকসকলৰ প্ৰকৃত জীৱিকা আৰু উন্নয়নৰ প্ৰয়োজনীয়াতাসমূহ পূৰণ কৰাৰ লগতে উদ্যানখন সুৰক্ষিত কৰি ৰখাই ইয়াৰ উদ্দেশ্য বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে (Kaziranga National Park)।
ইক’-চেনছিটিভ জ’ন ৰাষ্ট্ৰীয় উদ্যানৰ কোৰ এলেকাৰ পৰা নহয়, উদ্যানৰ সীমাৰ পৰা গণনা কৰা হয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমনুসৰি চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১ৰ পৰা ৩ কিলোমিটাৰ পৰিসৰৰ ভিতৰত ইক’-চেনছিটিভ জ’ন অধিসূচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
এই পদক্ষেপত পৰিৱেশ সুৰ৭াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ বাহাস থকাৰ লগতে স্থানীয় আৰু খিলঞ্জীয়া লোকসকলৰ বাবে অত্যাৱশ্যকীয় উন্নয়নমূলক কাম-কাজৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে (Kaziranga National Park ESZ)।
মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে অক্ষত আৰু অপৰিৱৰ্তিত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে চৰকাৰে উদ্যানখনৰ সীমা সলনি কৰা নাই বুলি উল্লেখ কৰে।
প্ৰস্তাৱিত এই পদক্ষেপৰ জৰিয়তে ইক’-চেনছিটিভ জ’নৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰি প্ৰকৃতি সংৰক্ষণৰ লগতে স্থানীয় লোকসকলৰ ক্ৰমবৰ্ধমান উন্নয়নৰ মাজত বাৰসাম্য স্থাপনৰ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক : কেৱল চৰকাৰী চাকৰি নহয়, কৃষিতো গঢ়ক কেৰিয়াৰঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান
