যান-বাহন চলাচল সম্পৰ্কীয় জৰুৰী জাননী । নীলাচল উৰণ সেতুৰ চাৰ্ভিছ পথ বন্ধ
ড্ৰেনেজ বা নলা-নৰ্দমাৰ উন্নয়নমূলক কাম-কাজৰ বাবে ২৩ জুলাইৰ পৰা আদাবাৰী-ভৰলুমুখ অভিমুখী নীলাচল উৰণ সেতুৰ বাওঁফালৰ চাৰ্ভিছ লেনটোত যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে । এই উপলক্ষে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক বিশেষ পথ-নিৰ্দেশনা তথা বিকল্প পথৰ তালিকা প্ৰকাশ কৰিছে ।
বিজ্ঞপ্তি অনুসৰি, লোকনিৰ্মাণ (পথ) বিভাগৰ জালুকবাৰী আঞ্চলিক পথ সংমণ্ডলে আদাবাৰীৰ পৰা ভৰলু দিশৰ চাৰ্ভিছ লেনটোত সংস্কাৰৰ কাম চলাব । কাম সম্পূৰ্ণ নোহোৱালৈকে উক্ত পথছোৱাত পথচাৰী, শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ সুৰক্ষাৰ লগতে এম্বুলেন্স বা অগ্নিনিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ সুচল চলাচল নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লৈছে প্ৰশাসনে ।
বিকল্প পথৰ নিৰ্দেশনা:
আদাবাৰীৰ পৰা মালিগাঁও চাৰিআলি, মা কামাখ্যা মন্দিৰ বা কামাখ্যা ৰেলৱে ষ্টেচনৰ দিশে যোৱা লোকসকলক তলত দিয়া বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে :
আদাবাৰী তিনিআলি: আদাবাৰী তিনিআলিত বাওঁফালে ঘূৰি আদাবাৰী-পাণ্ডু প’ৰ্ট ৰোডেৰে মালিগাঁও চাৰিআলি যাব পাৰিব ।
পাণ্ডু কেবিন ৰোড: উৰণ সেতুৰে গৈ পাণ্ডু কেবিন ৰোডৰ বৰবজাৰত সোঁফালে ঘূৰি মালিগাঁও দিশে যাব পাৰিব ।
ভৰলুমুখ ইউ-টাৰ্ন: উৰণীয়া সেতুৰে ভৰলুমুখৰ দিশে গৈ টেক্সি ষ্টেণ্ডৰ ওচৰত ইউ-টাৰ্ন (U-turn) লৈ চাৰ্ভিছ ৰোডেৰে গন্তব্যস্থান যাব পাৰিব ।
যাত্ৰীসকলক কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ আগেয়ে যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু কৰ্তব্যৰত যানবাহন আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনে আহ্বান জনাইছে ।
লগতে পঢ়ক : কুমাৰ ভাস্কৰ বৰ্মা সেতুত জন্মদিন উদযাপন: পুনৰ গ্ৰেপ্তাৰ গুৱাহাটীৰ দম্পতী
