Voice of Eastern India

অবৰ্ণনীয়; পলসে পুঁতি পেলালে সপোনৰ ঘৰ, বিলাসী বাহন


বানে ধোৱা উজনি অসমত এতিয়া এক অবৰ্ণনীয় পৰিস্থিতি। বানে উটুৱাই নিলে ঘৰ-বাৰী, ভঁৰালৰ ধান, পশুধন, কিতাপ, মূল্যবান নথি-পত্ৰ, ঘৰৰ আঁচবাব।

আজিও অপৰিৱৰ্তিত অৱস্থাত আছে উজনি অসমৰ বান পৰিস্থিতি। কিছু কিছু স্থানত পানী কমিছে যদিও চৌদিশে অবৰ্ণনীয় পৰিৱেশ। বানে উটুৱাই নিলে ঘৰ-বাৰী, ভঁৰালৰ ধান, পশুধন, কিতাপ, মূল্যবান নথি-পত্ৰ, ঘৰৰ আঁচবাব। বানত সকলো হেৰুৱাই দুৰ্বিসহ জীৱন কটাইছে বন্যাৰ্তই।খোৱাপানীৰ বাবে হাহাকাৰ লাগিছে বন্যাৰ্তৰ মাজত বোকা-মাটি, পলসে পুঁতি পেলাইছে ঘৰ, বিলাসী বাহন।

পলসে পুতি পেলোৱা আপোন ঘৰখন দেখি কান্দোনত ভাগি পৰিছে বানত আক্ৰান্ত লোক সকল। ১৯ জুলাইত দিখৌৰে আহিছিল মহাপ্ৰলয়।

মহাপ্ৰলয়ে তচনচ কৰিছিল নাজিৰা, শিমলুগুৰি, বিহুবৰ, চন্তককে ধৰি উজনিৰ নানা অঞ্চল। ভয়ংকৰ বানত উটি গৈছিল বহু লোক।  

শেষ হৈ গ’ল সপোনৰ ঘৰবোৰ। জীৱন শেষ কৰি নিয়া দুৰ্যোগৰ পিছৰ দৃশ্যবোৰ অসহনীয়। গৌৰীসাগৰৰ ফুলপানীছিগাত ৰাষ্ট্ৰীয় ঘাইপথতে দিন-ৰাতি পাৰ কৰিছে বন্যাৰ্তই।

এমুঠি অন্ন বস্ত্ৰ,বাসস্থানৰ অভাৱত বানাক্ৰান্তৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ। গছৰ ওপৰতে থাকিবলগা হৈছে দিন-ৰাতি। গৰু-ছাগলী,ম’হ সকলো উটি গ’ল। জাগ্ৰত প্ৰহৰীৰ দৰে SDRF বাহিনীয়ে পালন কৰিছে নিজৰ দায়িত্ব আৰু কৰ্তব্য।

লগতে পঢ়ক: বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

Source link



Source link

Leave A Reply

Your email address will not be published.