অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক। এই সংকটৰ সময়ত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে সহায়ৰ হাত আগবঢ়াইছে।
উজনি অসমত বানৰ তাণ্ডৱ। প্ৰলয়ংকাৰী বানে বহু পৰিয়ালৰ জীৱনলৈ নমাই আনিলে দুৰ্যোগ ।ঘৰ-দুৱাৰ, আত্মীয়ৰ লগতে আনকি কোনোবাই হেৰুৱাইছে উপাৰ্জনৰ পথ। এনে কঠিন সময়তে অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান।
জানিব পৰা মতে, ছলমান খানে অসমৰ এটা ফেন ক্লাবৰ সৈতে মিলি বানপীড়িতসকলক সাহায্য আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ এনজিঅ’ ‘বীইং হিউমেন’ৰ জৰিয়তে এই সাহায্য প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে।
এই সাহায্য অভিযানৰ আৰম্ভণিতে বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰা হ’ব প্ৰস্তুত খাদ্যৰ পেকেট। এই পেকেটত বিস্কুট, গুড়, মুৰি আৰু ব্ৰেডৰ দৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী থাকিব।
কেৱল খাদ্য সামগ্ৰীতে সাহায্য সীমাবদ্ধ নাথাকিব। প্ৰয়োজনীয় লোকসকলক ঔষধ, খোৱা বিশুদ্ধ পানী, চেনিটাৰী পেড আৰু মহ খেদিবলৈ ব্যৱহাৰ কৰা ঔষধো প্ৰদান কৰা হ’ব।
ইয়াৰ লগতে আগন্তুক দিনত বানপীড়িতসকলৰ মাজত ৰেচন কিট বিতৰণ কৰাৰো পৰিকল্পনা কৰা হৈছে। আনহাতে, বানৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু হাস্পতালৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ পুনৰ্নিৰ্মাণতো সহায় কৰাৰ পৰিকল্পনা কৰিছে ছলমানৰ টীমে।
উল্লেখ্য যে, ছলমান খানে তেওঁৰ এনজিঅ’ ‘বীইং হিউমেন’ৰ জৰিয়তে ইয়াৰ পূৰ্বেও দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে।
এইবাৰ অসমৰ বানপীড়িত লোকসকলৰ বাবেও ছলমান খানৰ এই পদক্ষেপে দুৰ্যোগৰ কঠিন সময়ত বহু পৰিয়ালক সকাহ দিয়াৰ আশা জগাই তুলিছে।
লগতে পঢ়ক: নিজতকৈ ৯ বছৰ ডাঙৰ অভিনেত্ৰীক ডেট কৰিছে নেকি ক্ৰিকেটাৰ যশস্বীয়ে?
