উজনি অসমৰ বানবিধ্বস্ত লোকসকলক সহায়ত বাবে উপস্থিত হয় বলীউডৰ অভিনেতা ৰণদীপ হুডা। শিৱসাগৰৰ বানবিধ্বস্ত নিমিজানত একাঁঠু বোকা-পানীত নামি বানপীড়িতলৈ আগবঢ়ালে সহায়ৰ হাত
বলীউডৰ অভিনেতা ৰণদীপ হুডা শনিবাৰে শিৱসাগৰ জিলাৰ বানপানীৰে বিধ্বস্ত অঞ্চলসমূহত উপস্থিত হয়। তাত তেওঁ ক্ষতিক্ৰস্ত হাজাৰ হাজাৰ পৰিয়াললৈ চলাই থকা সাহায্য অভিযানত যোগদান কৰে। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি অভিনেতা গৰাকীয়ে কয় যে বানপানীয়ে কৰা ধ্বংসলীলাৰ ভয়াবহতা দেখি তেওঁ গভীৰভাৱে মৰ্মাহত হৈছে।
অভিনেতাগৰাকীয়ে কয়, “ইয়াত ধন-জনৰ প্ৰচুৰ ক্ষতি হৈছে। আমি ইয়ালৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিছো। ‘গ্ল’বেল শিখ ফাউণ্ডেশ্যন’ ইতিমধ্যে ইয়াত উপস্থিত হৈ বানপীড়িতসকলক সহায় কৰাত ব্যস্ত হৈ পৰিছে। আমি ৰিলিফ সামগ্ৰী যোগান ধৰি আৰু অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়াই তেওঁলোকক সমৰ্থন কৰিম।”
ৰণদীপ হুডাই বানপীড়িত শিৱসাগৰৰ বানপিড়িতক সাক্ষাৎ কৰি, ক্ষতিৰ বুজ লয় আৰু ৰিলিফ সামগ্ৰী বিতৰণ কৰে। দেওবাৰে পুৱাও ৰণদ্বীপ হুদাৰ সৈতে শিৱসাগৰৰ বানবিধ্বস্ত নিমাইজানত সাহায্য সামগ্ৰী বিতৰণ ‘গ্লোবেল শিখ’ৰ।
অভিনেতাগৰাকী সমগ্ৰ ভাৰতজুৰি দুৰ্যোগ আৰু পুনৰসংস্থাপনৰ কাম-কাজৰ বাবে জনাজাত মানৱীয় সংগঠন ‘গ্ল’বেল শিখ ফাউণ্ডেশ্যন’ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। এই ফাউণ্ডেশ্যনে উজনি অসমত বানৰ ফলত গৃহহীন হোৱা পৰিয়ালসমূহক জৰুৰী সামগ্ৰী যোগান ধৰি সহায়ক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে।
চৰকাৰী সংস্থা, স্বেচ্ছাসেৱী আৰু অসামৰিক সংগঠনসমূহে উজনিত বানপীড়িতসকলক সহায় কৰিবলৈ চলাই থকা সাহায্য আৰু পুনৰসংস্থাপনৰ সময়তে ৰণদীপ হুডাৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
লগতে পঢ়ক: ‘জুইত ঘিউ ঢলা বন্ধ কৰক’; হৃতিক ৰোশনক তীব্ৰ সমালোচনা কংগনা ৰাণাৱাটৰ
