Voice of Eastern India

কমা নাই বানৰ তাণ্ডৱ! এতিয়াও জলবন্দী ১.২৬ লাখ


বানত বিপৰ্যস্ত অসম! ১০১ জনৰ মৃত্যু, ১০ জিলাত ১.২৬ লাখ লোক আক্ৰান্ত

ৰাজ্যত এতিয়াও ১০খন জিলাৰ ১,২৬,৪৩১ জন লোক বানৰ কৱলত। ইফালে এইবাৰৰ বানত সৰ্বমুঠ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ১০১ জন হৈছে।

১০ আগষ্টৰ অসম বান প্ৰতিবেদন অনুসৰি, বৰ্তমান ২৫টা ৰাজহ চক্ৰৰ ৪৫৮খন গাঁও বানত আক্ৰান্ত হৈ আছে। নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, কাৰ্বি আংলং, লখিমপুৰ, কাছাৰ, চৰাইদেউ আৰু যোৰহাটত বানৰ প্ৰভাৱ অব্যাহত আছে।

প্ৰভাৱিত লোকৰ সংখ্যাৰ ক্ষেত্ৰত গোলাঘাট সৰ্বাধিক ক্ষতিগ্ৰস্ত। জিলাখনত ৭১,০৬১ জন লোক বানত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে শিৱসাগৰত ২১,৬০০ জন আৰু নগাঁৱত ১৬,৯০৮ জন লোক প্ৰভাৱিত হৈছে।

বানপানীয়ে কৃষিক্ষেত্ৰতো ব্যাপক ক্ষতি কৰিছে। মুঠ ১১,২৮৭.০৪ হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে। নগাঁৱত ৪,১৯৪.১ হেক্টৰ, শিৱসাগৰত ২,২১০ হেক্টৰ আৰু গোলাঘাটত ২,০৪০.৯৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে।

ইফালে কেন্দ্ৰীয় জল আয়োগৰ ১০ আগষ্টৰ পুৱা ৮ বজাৰ বুলেটিন অনুসৰি, ধানশিৰি (দক্ষিণ) আৰু কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অৱশ্যে কোনো নদীয়েই এতিয়ালৈকে বিপদসীমাৰ সৰ্বোচ্চ স্তৰ অতিক্ৰম কৰা নাই।

বানপীড়িত লোকক সহায় কৰিবলৈ প্ৰশাসনে ৮৯টা সাহায্য শিৱিৰ আৰু সামগ্ৰী বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিৱিৰসমূহত ৮,৪৪৪ জন লোকে আশ্ৰয় লৈ আছে।

বানৰ প্ৰকোপত ঘৰ-দুৱাৰ, পথ আৰু অন্যান্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। ১৬৮টা ঘৰ সম্পূৰ্ণ বা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৩৬৪টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ২৪টা পথৰ লগতে এখন দলং আৰু এটা মথাউৰিও ক্ষতিগ্ৰস্ত হৈছে।

উদ্ধাৰ অভিযান অব্যাহত আছে। বানাক্ৰান্ত অঞ্চলত ৫৮খন নাও নিয়োজিত কৰা হৈছে আৰু নাওৰ জৰিয়তে ৪০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। চাৰিটা স্থানত চিকিৎসা দলো মোতায়েন কৰা হৈছে।

প্ৰশাসনে এতিয়া নদীৰ পানীৰ স্তৰ নিৰীক্ষণৰ লগতে উদ্ধাৰ, সাহায্য আৰু ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ কাম অব্যাহত ৰাখিছে।

লগতে পঢ়ক : বানে বিধ্বস্ত কৰা শিৱসাগৰত আজিৰে পৰা খুলিছে বিদ্যালয়

Source link



Source link

Leave A Reply

Your email address will not be published.