Voice of Eastern India

কাজিৰঙা দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ ভয়ংকৰ তথ্য পোহৰলৈ


কাজিৰঙাৰ ৰঙাজানত  সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাটোৰ পিছতে ট্ৰেভেলাৰ খনৰ বিৰুদ্ধে বহু তথ্য পোহৰলৈ আহিছে।

কাজিৰঙাৰ ৰঙাজানত  সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাটোত বৰ্তমানলৈকে ২৩ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোৰ পিছতে ট্ৰেভেলাৰখনৰ পুৰণি ট্ৰেফিক ৰেকৰ্ডক লৈও বহু প্ৰশ্নৰ উত্থাপন হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এই ট্ৰেভেলাৰ খনৰ বিৰুদ্ধে পূৰ্বেও অত্যাধিক বেগত গাড়ী চলোৱাৰ বাবে কেইবাটাও চালান কটা হৈছিল।ট্ৰেভেলাৰ খনৰ বিৰুদ্ধে মুঠ ১২ টা চালান কটা হৈছিল, যাৰ জৰিমনাৰ পৰিমাণ আছিল প্ৰায় ৩৮,৫০০ টকা। ইয়াৰ উপৰিও ৪,০০০ টকাৰ আন এটা চালান এতিয়াও বাকী আছে। জানিব পৰা মতে, কাজিৰঙা অঞ্চলত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই বাহনখনৰ বিৰুদ্ধে কেইবাবাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

তথ্য অনুসৰি, মাৰ্চ মাহত যোৰহাটত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে ট্ৰেভেলাৰ খনক ৪,০০০ টকাৰ জৰিমনা বিহা হৈছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২২ আগষ্ট আৰু ছেপ্টেম্বৰ মাহতো কাজিৰঙাত তীব্ৰ বেগেৰে বাহন চলোৱাৰ বাবে ৪,০০০ টকাকৈ চালান কটাৰ তথ্য পোহৰলৈ আহিছে। এটা ঘটনাত বাহনখনক কাজিৰঙা এলেকাত প্ৰতি ঘণ্টাত ৬২ কিলোমিটাৰ বেগত চলি থকা অৱস্থাত ধৰা পেলোৱা হৈছিল।

দুৰ্ঘটনাটোৰ পিছত কণ্টেইনাৰ চালকজনেও নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ তেজপুৰৰ ফালৰ পৰা নিজৰ লেনেৰে আহি আছিল, তেনে সময়তে বিপৰীত দিশৰ পৰা অহা ট্ৰেভেলাৰ খনে তেওঁৰ বাহনখনত খুন্দা মাৰে।কণ্টেইনাৰ খনৰ ডেচকেমত ট্ৰেভেলাৰ খনে তীব্ৰ বেগেৰে বিপৰিত দিশৰ পৰা আহি খুন্দা মৰা ভিডিঅ’ পোহৰলৈ আহিছে।কণ্টেইনাৰৰ চালকজনৰ মতে, ট্ৰেভেলাৰ খন যথেষ্ট তীব্ৰ বেগত আহি আছিল।

কাজিৰঙাৰ দুৰ্ঘটনাটোৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২লাখ টকাকৈ সাহায্য ঘোষণা কৰাৰ লগতে আহত সকলক ৫০ হাজাৰকৈ টকা সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰিছে।  

লগতে পঢ়ক: কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ২৬ লৈ বৃদ্ধি

Source link



Source link

Leave A Reply

Your email address will not be published.