Voice of Eastern India

কৃষি আন্তঃগাঁথনি পুঁজিক লৈ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক


লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰাজ্যৰ কৃষকসকলৰ হিতার্থে মুখ্যমন্ত্রীগৰাকীয়ে বিভাগীয় বিষয়াসকলক কেতবোৰ উল্লেখনীয় নিৰ্দেশনা প্ৰদান কৰে

ৰাজ্যৰ কৃষি খণ্ডক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা । লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ৰাজ্যৰ কৃষকসকলৰ হিতার্থে মুখ্যমন্ত্রীগৰাকীয়ে বিভাগীয় বিষয়াসকলক কেতবোৰ উল্লেখনীয় নিৰ্দেশনা প্ৰদান কৰে ।

বৈঠকত কৃষি আন্তঃগাঁথনি বৃদ্ধি কৰা আৰু কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ উপযুক্ত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অহা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এক বৃহৎ পৰিসৰৰ ‘মেগা অংশীদাৰী কৰ্মশালা’ আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগক নিৰ্দেশ দিয়ে । লগতে অসমৰ খিলঞ্জীয়া কৃষিজাত সামগ্ৰীসমূহৰ স্বকীয়তা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ বজাৰ মূল্য বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । স্থানীয়ভাৱে উৎপাদিত অনন্য সামগ্ৰীসমূহৰ বাবে অতি সোনকালে ভৌগোলিক সূচক বা জি আই টেগ সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।

আনহাতে বৰ্তমান সময়ত গোলকীয় বজাৰত ৰাসায়নিক মুক্ত আৰু বহনক্ষম কৃষি পদ্ধতিৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে জৈৱিক প্ৰমাণীকৰণ কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্রীয়ে বিভাগক নিৰ্দেশ দিয়ে ।

এই সমগ্ৰ পৰ্যালোচনা বৈঠকৰ মূল উদ্দেশ্য আছিল অসমৰ কৃষি আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়ন সাধন কৰা, থলুৱা উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন বৃদ্ধি কৰা আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় দুয়োখন কৃষি বজাৰতে অসমৰ স্থিতি অধিক মজবুত কৰা ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই ‘কৃষি আন্তঃগাঁথনি পুঁজি’ আঁচনিৰ জৰিয়তে শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু সামূহিক কৃষি সম্পদ উন্নয়নৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হয়, যাৰ দ্বাৰা ৰাজ্যখনৰ থলুৱা কৃষক আৰু উদীয়মান কৃষি-উদ্যোক্তাসকল ব্যাপকভাৱে উপকৃত হ’ব ।

লগতে পঢ়ক : বিতৰণ হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ; কোন মন্ত্ৰীয়ে পালে কি বিভাগ

Source link



Source link

Leave A Reply

Your email address will not be published.