নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ, প্ৰসূতি প্ৰসৱ পূৰ্ব আৰু প্ৰসূতি পৰৱৰ্তী ৱাৰ্ড
নাহৰকটীয়া অঞ্চলৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে বিশেষকৈ মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । বুধবাৰে নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ, প্ৰসূতি প্ৰসৱ পূৰ্ব আৰু প্ৰসূতি পৰৱৰ্তী ৱাৰ্ড ।
প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক চিকিৎসা কক্ষ আৰু ৱাৰ্ডকেইটি ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈয়ে । এই নতুন ব্যৱস্থাই অঞ্চলটোৰ গৰ্ভৱতী মহিলা আৰু নৱজাতকসকলৰ বাবে গুণগত চিকিৎসা সেৱা সুনিশ্চিত কৰিব বুলি আশা কৰা হৈছে ।
৯ কোটি ৫৩ লাখ টকাৰ নতুন প্ৰকল্পৰ শিলান্যাস:
কেৱল চিকিৎসালয়ৰ ৱাৰ্ড মুকলিয়েই নহয়, নাহৰকটীয়াৰ স্বাস্থ্য সেৱাক এক নতুন মাত্ৰা প্ৰদান কৰি বুধবাৰৰ কাৰ্যসূচীতে প্ৰায় ৯ কোটি ৫৩ লাখ টকা ব্যয়সাপেক্ষে সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভৱন আৰু আৱাসগৃহৰ উন্নীতকৰণ তথা নিৰ্মাণকাৰ্য্যৰো আধাৰশিলা স্থাপন কৰে বিধায়ক তৰংগ গগৈয়ে ।
চিকিৎসাৰ বাবে আৰু যাব নালাগে ডিব্ৰুগড়লৈ:
এই উপলক্ষে চিকিৎসালয় প্ৰাংগণত আয়োজিত এক শুভাৰম্ভনি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক তৰংগ গগৈয়ে কয় যে অনাগত দিনত নাহৰকটীয়া সমষ্টিবাসীক উন্নত, সহজলভ্য আৰু গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে, “অনাগত দিনবোৰত সাধাৰণ ৰোগীয়ে যাতে সৰু-সুৰা চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ দৌৰিবলগা নহয়, তাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নাহৰকটীয়া অসামৰিক চিকিৎসালয়তে উপলব্ধ কৰা হ’ব ।”
লগতে পঢ়ক : অবৈধ কাঠ মিলৰ বিৰুদ্ধে এক্সন মুডত বন বিভাগ, মুকলি বিশেষ অভিযোগ নম্বৰ
