ৰাইজে খাবলৈ দিয়া টকাৰে বন্যাৰ্তৰ বাবে পুতি দিলে দমকল, আৱেগিক হৈ কান্দি উঠিল শুকুৰ আলী
অপমান, ইতিকিং আৰু তিৰস্কাৰ- সকলো সহ্য কৰিও থমকি ৰোৱা নাই শুকুৰ আলী। এইবাৰ তেওঁৰ চকুৰ পানী ওলাল বন্যাৰ্তৰ দুখ দেখি।
বৰ্তমান শিৱসাগৰত বন্যাৰ্তৰ কাষত থিয় হৈ সেৱা আগবঢ়াই আছে শুকুৰ আলীয়ে। তেওঁৰ সৈতে যোৱা এটা যুৱকৰ দলেও বানাক্ৰান্ত লোকসকলক সহায় কৰি আহিছে।
পলসে পুতি পেলোৱা বন্যাৰ্তৰ ঘৰসমূহৰ পৰা পলস আঁতৰোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে সহায় আগবঢ়াইছে তেওঁলোকে। বিগত কেইবাদিনো ধৰি এনেদৰেই বানাক্ৰান্তৰ মাজত সেৱা আগবঢ়াই আহিছে শুকুৰ আলীয়ে।
কিন্তু এইবাৰ বন্যাৰ্তই খোৱা পানীৰ সমস্যাই ভোগা দেখি কান্দি উঠিল শুকুৰ আলী । তেওঁ ক’লে, ‘পানীৰ বাবে মানুহে কান্দিব লগা হৈছে।’

বন্যাৰ্তৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ ৰাইজে খাবলৈ দিয়া টকাৰে এটা দমকল পুতি দিলে শুকুৰ আলীয়ে।
আৱেগিক হৈ তেওঁ কয়, ‘আমি দুখীয়া মানুহ, ধন নাই। সহায় কৰিবলৈ বহুত মন–যি পাৰিছো কৰিছো।’
বন্যাৰ্তৰ দুখ দেখি হুকহুকাই কান্দি উঠা শুকুৰ আলীয়ে প্ৰতিশ্ৰুতি দিলে- যিমান পাৰে, সিমানেই বানাক্ৰান্ত লোকসকলৰ বাবে কাম কৰি যাব।
এই মুহূৰ্তত তেওঁৰ এটাই কথা- বন্যাৰ্তৰ বাবে যিমান পাৰে, সিমানেই কৰি যাব।
লগতে পঢ়ক : শিৱসাগৰৰ বন্যাৰ্তৰ কাষত বক্সাৰ লাভলীনা বৰগোহাঁই
